অসম

assam

ETV Bharat / city

Assam Cabinet: কি কি সিদ্ধান্ত হ'ল আজিৰ কেবিনেটত ?

শুকুৰবাৰে অন্ত পৰিল অসম বিধানসভাৰ শীতকালীন অধিৱশন ৷ অধিৱেশন অন্তত ৰাজ্যিক কেবিনেটে কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে জানো আহক

কি কি সিদ্ধান্ত হ'ল আজিৰ কেবিনেটত ?
কি কি সিদ্ধান্ত হ'ল আজিৰ কেবিনেটত ?

By

Published : Dec 25, 2021, 8:06 AM IST

গুৱাহাটী, ২৪ ডিচেম্বৰঃ শুকুৰবাৰে অন্ত পৰিল অসম বিধানসভাৰ শীতকালীন অধিৱশন ৷ অধিৱেশন অন্ত পৰাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক । এই কবিনেটতে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

আজিৰ কেবিনেটে গ্ৰহণ কৰা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল:

  • অসম আৰক্ষীত এতিয়াৰে পৰা ২ শতাংশ পদ সংৰক্ষিত হ’ব অৱসৰপ্ৰাপ্তৰ বাবে ।
  • ঠিকাদাৰসকলে এতিয়াৰে পৰা আৰ্নেষ্ট মানি ডিজিটেলী জমা দিব লাগিব ।
  • এতিয়াৰে পৰা অংগনৱাড়ী কৰ্মীৰ অৱসৰৰ বয়স হব ৬০ বছৰ ।
  • অৱসৰৰ সময়ত এতিয়াৰে পৰা অংগনৱাড়ী কৰ্মীয়ে চাৰি লাখ, মিনি অংগনৱাড়ী কৰ্মীয়ে তিনি লাখ আৰু সহায়িকাই দুই লাখ টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব ।
  • ইয়াৰোপৰি গুৱাহাটীত আৰু এটা ৰোপৱে’ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে ।
  • ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰূপায়ন কৰিবলগীয়া ‘আপোন ঘৰ’ আঁচনিৰ বাবে ১০০ কোটি ৬৪ লাখ টকা মুকলি কৰি দিয়ে কেবিনেটে । উল্লেখ্য যে, এই আঁচনিৰ বাবে ৩১,৯৯৬ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল ।

লগতে পঢ়ক:নিয়োগ মেলাত বেমেজালি: মন্ত্ৰী চন্দ্ৰমোহনৰ নিৰ্দেশত নিলম্বিত দুই বিষয়া

ABOUT THE AUTHOR

...view details