গুৱাহাটী, 28 ডিচেম্বৰ :অসম বিধানসভাৰ বিৰোধী দলপতিৰ আসনৰ পৰা আতৰিব লগীয়া হ'ল বিধায়ক দেৱব্ৰত শইকীয়া । সাংবিধানিকভাবেই এতিয়াৰে পৰা আৰু দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হৈ নাথাকিব । কিয়নো সংসদীয় বিধি অনুসৰি বিধানসভাৰ মুঠ আসনৰ ভিতৰত কমেও ছভাগৰ এভাগ আসন লাভ কৰা দলৰ পৰাহে নিযুক্তি দিয়া হয় বিৰোধী দলপতিগৰাকীক ।
সেই অনুসৰি কেবিনেট মৰ্যাদাৰ বিৰোধী দলপতিৰ আসনত বহিবলৈ হ'লে বিধায়কৰ সংখ্যা হ'ব লাগিব কমেও 21 গৰাকী । 2016 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল 26 খন আসন । গতিকে সাংবিধানিক নিয়ম অনুসৰি বিৰোধী দলপতিৰ আসনত অধিষ্ঠিত হৈছিল বিধায়ক দেৱব্ৰত শইকীয়া । কিন্তু পৰৱৰ্তী সময়ত ডাঃ মানছিং ৰংপিয়ে বিজেপিত যোগ দি বিধায়ক পদ ত্যাগ কৰে । তাৰ পিছৰ পৰ্যায়ত শিৱসাগৰৰ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ বিয়োগৰ ফলত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা 24 গৰাকীলৈ হ্ৰাস পায় ।