নিউজ ডেস্ক, ১৭ জুলাই: বিগত ২০১৭ বৰ্ষত সেইসময়ৰ বছৰটোৰ তৃতীয় বানপানীয়ে ৰাজ্যত আতংকৰ সৃষ্টি কৰাৰ পিছত ১ আগষ্ট তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰি উত্তৰ পূবৰ বাবে বিশেষ ২৩.৫০ কোটি টকাৰ এক পেকেজ ঘোষণা কৰি ব্ৰহ্মপুত্ৰৰ নদীৰ গতিবিধি লক্ষ্য কৰাৰ বাবে বেলেগকৈ ১০০ কোটি টকাৰ এক প্ৰকল্প ও ঘোষণা কৰিছিল । লগতে সেই সময়তে অসমৰ বানপীড়িত সকলৰ বাবে আছুতীয়াকৈ ৩০০ কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিছিল যদিও বৰ্তমানলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ পৰা এটকাও পাবলৈ সক্ষম নহ'ল অসম চৰকাৰে ।
পূৰ্বৰ পাব লগীয়া ধনে এতিয়ালৈকে অসম চৰকাৰে পোৱা নায় । তেনে স্থলত পুনৰ বানাক্ৰান্ত ৰাইজক চৰকাৰে বৰ্তমান কিদৰে সাহায্য দিব,ই এক চিন্তনীয় বিষয় । এই দৰে ক'লে বিৰোধী দলপতি গৰাকীয়ে ।