গুৱাহাটী,4আগষ্ট : চিনাক্ত হ'ল আদাবাৰী তিনিআলিত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় ৷ মৃত যুৱকজন পাণ্ডু লোক কলনিৰ গকুল শৰ্মা বুলি জানিব পৰা গৈছে । যুৱকজন শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ পৰিয়ালে যুৱকজনৰ সন্ধান উলিয়াবৰ বাবে বহু চেষ্টা চলাইছিল যদিও কোনো সন্ধান পোৱা নাছিল যুৱকজনৰ ৷
আদাবাৰী তিনিআলিত উদ্ধাৰ হোৱা মৃতদেহৰ ওলাল সন্ধান - মৃতদেহৰ পৰিচয়
আদাবাৰী তিনিআলিত উদ্ধাৰ হোৱা মৃতদেহৰ ওলাল সন্ধান ৷ মৃত যুৱকজন পাণ্ডু লোক কলনিৰ গকুল শৰ্মা বুলি জানিব পৰা গৈছে ৷

আদাবাৰী তিনিআলীত উদ্ধাৰ হোৱা মৃতদেহৰ ওলাল সন্ধান
আদাবাৰী তিনিআলীত উদ্ধাৰ হোৱা মৃতদেহৰ ওলাল সন্ধান
ইফালে, দেওবাৰে আদাবাৰী তিনিআলিত উদ্ধাৰ হয় এটি মৃতদেহ ৷ যুৱকজনৰ মাতৃয়ে মৃতদেহটো পুত্ৰ গকুলৰ বুলি চিনাক্ত কৰে ৷ যুৱকজনক কোনোৱে হত্যা কৰি জাৱৰৰ দ'মত লুকুৱাই থোৱাৰ সন্দেহ প্ৰকাশ কৰে মাতৃয়ে ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোতে ৷ আনহাতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷