অসম

assam

ETV Bharat / city

স্বগৃহত শ্বহীদ সুনীল কলিতাৰ নিথৰ দেহ - Martyrs

ঝাৰখণ্ডত মাওবাদীৰে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অৱশেষত মৃত্যুক সাৱটি লৈছিল চি আৰ পি এফত কৰ্মৰত অসম সন্তান সুনীল কলিতাই ৷

নিজগৃহলৈ লৈ যোৱা হ'ল সুনীলক

By

Published : Jun 15, 2019, 11:05 AM IST

আমিনগাঁও, 15 জুনঃ বিগত 28 মে'ত ঝাৰখণ্ডত হোৱা মাওবাদী আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল চি আৰ পি এফত কৰ্মৰত অসম সন্তান সুনীল কলিতা ৷ উচ্চশিক্ষিত তথা এগৰাকী সুদক্ষ ক্ৰিকেট খেলুৱৈ সুনীল কলিতাই 2011 চনত নিজ দক্ষতাৰ বলতেই যোগদান কৰিছিল চিআৰপিএফত ৷ বাহিনীটোৰ 209 বেটেলিয়নৰ এগৰাকী কোব্ৰা কামাণ্ডো আছিল কলিতা ৷

নিজগৃহলৈ লৈ যোৱা হ'ল সুনীলক

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কলিতাক নতুন দিল্লীস্থিত এইমছত ৰখা হৈছিল ৷ এইমছত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লয় কলিতাই ৷ দুমাহপূৰ্বে বিবাহপাশত আবদ্ধ হোৱা সুনীল কলিতাই ছুটীত আহি অভ্যৰ্থনা অনুষ্ঠিত কৰাৰ কথা আছিল যদিও দেশমাতৃৰ বাবে নিজৰ জীৱন ত্যাগ কৰি এইদৰেই এটি নিথৰ মৃতদেহ হৈ ঘৰলৈ উভটি আহে ৷ এইদৰে নাৰায়না চুপাৰস্পেচিয়েলিটি হস্পিতালৰ পৰা কলিতাৰ নশ্বৰদেহ নিজ বাসগৃহলৈ লৈ যোৱা হয় ৷

ABOUT THE AUTHOR

...view details