গুৱাহাটী,১ নৱেম্বৰ :মহানগৰীৰ নুনমাটি আৰক্ষী থানাৰ অন্তৰ্গত চূণচালিত তীব্ৰ চাঞ্চল্য ৷ চূণচালিৰ ব্ৰহ্মপুত্ৰ নৈৰ চৰ-চাপৰিত সোমবাৰে দিনৰ ভাগত উদ্ধাৰ হৈছে এটি অৰ্ধগলিত অচিনাক্ত লোকৰ মৃতদেহ । আৰক্ষীয়ে চিনাক্ত কৰা অনুসৰি, উদ্ধাৰ হোৱা মৃতদেহটো হৈছে এজন পুৰুষ ৷
মন কৰিবলগীয়া কথা এই যে, চূণচালিৰ নৈপৰীয়া লোকসকলে নৈৰ পানী শুকুৱাৰ পিছত ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা চৰ অঞ্চলত চাফ-চিকুণ কৰি শাক-পাচলিৰ খেতি কৰে । প্ৰতি বছৰৰ দৰে এই বছৰো স্থানীয় একাংশ লোকে বিগত কিছুদিনৰ পৰা চৰৰ মাটি মোকোলাই খেতি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । তেনে সময়তে সোমবাৰে ব্ৰহ্মপুত্ৰৰ চৰত একাংশ লোকে জংঘল চাফ-চিকুণ কৰি থকাৰ সময়তে প্ৰত্যক্ষ কৰে মৃতদেহটো ।