অসম

assam

ETV Bharat / city

ষঠ পূজা উপলক্ষে গুৱাহাটীৰ বহু কেইটা পথত যান-বাহন চলাচলত নিষেধাজ্ঞা - আন্তঃজিলা বাছ

ষঠ পূজা উপলক্ষে বুধ-বৃহস্পতিবাৰে মহানগৰী বহুকেইটা পথত যান-বাহন চলাচলত নিষেধাজ্ঞা । এক সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে যান-বাহন শাখা আৰক্ষী আয়ুক্তই ।

dcp-press-meet-on-new-traffic-rule
ষট পূজা উপলক্ষে গুৱাহাটীৰ বহু কেইটা পথত যান-বাহন চলাচলত নিষেধাজ্ঞা

By

Published : Nov 9, 2021, 9:38 PM IST

গুৱাহাটী , ৯ নৱেম্বৰ : ষঠ পূজা উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত নতুন নিয়ম । বুধ-বৃহস্পতিবাৰে মহানগৰী বহুকেইটা পথত যান-বাহন চলাচলত নিষেধাজ্ঞা । মঙলবাৰে এক সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে যান-বাহন শাখাৰ আৰক্ষী আয়ুক্তই । বুধবাৰে দিনৰ ১ বজাৰ পৰা যান-বাহন চলাচল সন্দৰ্ভত বাধা- নিষেধ প্ৰযোজ্য হ’ব । এপ'ল পইণ্টৰ পৰা কটন কলেজিয়েট স্কুল পইণ্ট লৈ এম জি পথেৰে ভক্ত কঢ়িওৱা বাহনৰ বাহিৰে অন্য বাহন চলাচল কৰিব নোৱাৰিব ।

ষট পূজা উপলক্ষে গুৱাহাটীৰ বহু কেইটা পথত যান-বাহন চলাচলত নিষেধাজ্ঞা

ভৰলুমুখৰ দিশৰ পৰা পানবজাৰ-চান্দমাৰি অভিমুখী চিটিবাছকে ধৰি অন্য সকলো বাহন এ'পল পইণ্টৰ পৰা টিআৰপি ৰোড হৈ এইচবি ৰোডেৰে এন.বি হল পইণ্টৰ বাওঁদিশে ঘূৰি এফচি ৰোড, তৈবুল্লা ৰোড আৰু জিএনবি ৰোডেৰে যাব পাৰিব । চান্দমাৰীৰ দিশৰ পৰা জালুকবাৰীৰ দিশে যাব লগা বাহনসময় টিচি পইণ্ট হৈ জিলা পুথিভঁৰাল, আৰবী আই পইণ্ট হৈ পানবজাৰ উৰণীয়া সেঁতু নৰ্থ পইণ্ট হৈ এ.টি ৰোডেৰে আঠগাঁও উৰণীয়া সেঁতু হৈ যাব পাৰিব ।

টিচি পইণ্ট জিএনবি ৰোড হৈ পানবজাৰ ফাঁচী বজাৰ লৈ আহিব লগা লঘু বাহনসমূহ এম এল এন ৰোড হৈ এইচ বি ৰোডেৰে যাব পাৰিব । উজানবজাৰ-লতাশিলৰ দিশৰ পৰা ভৰলু অভিমুখী লঘু বাহন সমূহ বি চি ৰোড, তৈবুল্লা ৰোড, জিএনবি ৰোডেৰে যাব পাৰিব ।

খানাপাৰাৰ পৰা ভৰলু হৈ জালুকবাৰী অভিমুখী চিটি বাছ সমূহ পানবজাৰ এন অ’ বি ছাইথ পইণ্ট হৈ এটি ৰোডেৰে চলাচল কৰিব পাৰিব । জালুকবাৰীৰ ফালৰ পৰা অহা আন্তঃজিলা বাছসমূহ গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ আইএছবিটিলৈ যাব পাৰিব ।

ভক্ত কঢ়িওৱা বাহন অৱশ্যে আহিব পাতিব । বুধবাৰে পুৱা ৯ বজাৰ পৰা ১১ নৱেম্বৰ পুৱা ৯ বজালৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথ, চন্দ্ৰপুৰ, পানীখাইতি আদি দিশৰ পৰা বাণিজ্যক সামগ্ৰী কঢ়িওৱা বাহন সমূহ মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব বুলিও প্ৰকাশ কৰে যান-বাহন শাখা আৰক্ষী আয়ুক্ত গৰাকীয়ে ।

লগতে পঢ়ক :খং উঠিছে বিধায়ক দিগন্ত কলিতাৰ...কিন্তু কাৰ ওপৰত ?

ABOUT THE AUTHOR

...view details