অসম

assam

By

Published : Oct 28, 2020, 2:14 PM IST

ETV Bharat / city

টেট উত্তীৰ্ণ ডিএলএড প্ৰশিক্ষাৰ্থীৰ প্ৰতিবাদ

কাহিলীপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে টেট উত্তীৰ্ণ তথা নিয়মীয়া ডিএলএড ডিপ্ল'মাধাৰী প্ৰশিক্ষাৰ্থীয়ে ৷

টেট উত্তীৰ্ণ ডিএলএড প্ৰশিক্ষাৰ্থীৰ প্ৰতিবাদ
টেট উত্তীৰ্ণ ডিএলএড প্ৰশিক্ষাৰ্থীৰ প্ৰতিবাদ

গুৱাহাটী, 28 অক্টোবৰ : টেট উত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল কাহিলীপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্য্যালয় ৷ বুধবাৰে দিনৰ ভাগত মহানগৰীৰ কাহিলীপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে টেট উত্তীৰ্ণ তথা নিয়মীয়া ডিএলএড ডিপ্ল'মাধাৰী প্ৰশিক্ষাৰ্থীয়ে । তেওঁলোকৰ অভিযোগ দ্বিতীয় পৰ্যায়ত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰা শিক্ষক নিযুক্তিত কৰ'ণা মহামাৰীৰ বাবে কেৱল কেইটামান দিন d.el.edৰ পৰীক্ষাৰ ফলাফল দিয়া পলম হৈছিল ৷ যাৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাদ পৰিবলগীয়া হৈছে তেওঁলোক । এই বিষয়ে সকলো প্ৰাৰ্থীয়ে বিভাগক জনোৱাৰ লগতে আবেদন কৰাৰ দিন বঢ়াই দিবলৈ অনুৰোধ কৰিছিল । কিন্তু শিক্ষা বিভাগে এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অসমৰ সমূহ প্ৰশিক্ষাৰ্থীয়ে এইদৰে ব্যাপক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ তেওঁলোকৰ স্পষ্ট কথা যে বিভাগে আমাৰ দাবী মানিবই লাগিব ৷ আমাক বঞ্চিত নকৰিব, নি়যুক্তি নিকা কৰক, দ্বিতীয় পৰ্যায়ৰ নিযুক্তিত নতুন প্ৰাৰ্থী সামৰি লওক আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

ABOUT THE AUTHOR

...view details