অসম

assam

ETV Bharat / city

অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে চি আৰ ইউৰ গুৱাহাটীত প্ৰতিবাদ - অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে চি আৰ ইউৰ গুৱাহাটীত প্ৰতিবাদ

শুকুৰবাৰে এমিল ফাৰ্মা নামৰ ঔষধ কোম্পানীটোৰ বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে মেডিকেল আৰু ছেলচ্ ৰিপ্ৰেজেনটেটিভচৰ সংগঠন চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল) (Central Representative Union) য়ে কোম্পানীটোৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

cru-protest-in-guwahati
অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে চি আৰ ইউৰ গুৱাহাটীত প্ৰতিবাদ

By

Published : Mar 4, 2022, 9:54 PM IST

গুৱাহাটী, 4 মাৰ্চ :শুকুৰবাৰে এমিল ফাৰ্মা নামৰ ঔষধ কোম্পানীটোৰ বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে মেডিকেল আৰু ছেলচ্ ৰিপ্ৰেজেনটেটিভচৰ সংগঠন চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল) (Central Representative Union) য়ে কোম্পানীৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

এই কাৰ্যসূচীত অংশ লৈ চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল)ৰ সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই কয় যে, ঔষধ কোম্পানীটোৰ বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে মেডিকেল আৰু ছেলচ্ ৰিপ্ৰেজেনটেটিভচৰ সংগঠন চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল) য়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (protests against various unethical activities of drug company) ।

লগতে ঔষধৰ অনলাইন বিক্ৰী, ঔষধৰ আসাধু ব্যবসায়, জি এছ টি ফাঁকি দিয়া ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ অনৈতিক আৰু অসাধু কাৰ্যকলাপ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বহু দিনৰ পৰা চলি আহিছে । ফলত কোম্পানীটোত কাম কৰা ছেলচ্ প্ৰমোচন এম্লয়িজসকল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে বুলিও উল্লেখ কৰে সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই ।

বিশেষকৈ সময়মতে মজুৰি প্ৰদান নকৰা আৰু বহু দিনৰ ভাট্টা বন্ধ কৰি ৰখা ইত্যাদি অনৈতিক আৰু অমানৱীয় কাৰ্য সংঘটিত কৰি অহাৰো অভিযোগ উত্থাপন কৰে সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই । এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত কোম্পানীটোৱে অতি শীঘ্ৰে ইয়াৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ৰ বিষয়াৰ লগত সংগঠনৰ এক যুটীয়া বৈঠক অনুষ্ঠিত কৰাৰ বাবে চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল)ৰ সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই দাবী জনায় ।

লগতে পঢ়ক :Russia Ukraine War : ইউক্ৰেইনৰ পৰা মাতৃভূমি পালেহি অসমৰ আৰু 12 গৰাকী শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details