গুৱাহাটী, ২৯ ডিচেম্বৰ : সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত চি আৰ পি এফৰ 128 নং বেটেলিয়ানৰ উদ্যোগত বুধবাৰে মহানগৰীৰ নুনমাটিৰ চেক্টৰ 3 ৰ চি আৰ পি এফ শিবিৰত শিক্ষিত নিবনুৱা যুৱক-যুৱতীক সামৰিক-অৰ্ধসামৰিক বাহিনীত নিয়োগৰ উদ্দেশ্যে এক প্ৰশিক্ষণ কাৰ্যসূচীৰ ৰূপায়ন কৰা হয় । নুনমাটিস্থিত চি আৰ পি এফৰ 128 নং বেটেলিয়ানৰ অধিনায়ক বিনয় ছেত্ৰীয়ে বন্তি প্ৰজ্বলন কৰি এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰে ।
প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অয়োজন কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি চি আৰ পি এফৰ অধিনায়ক বিনয় ছেত্ৰী(CRPF captain Vinay Shetty)য়ে কয় যে, সামাজিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে চি আৰ পি এফে অসমৰ বিভিন্ন প্ৰান্তত উন্নয়নমূলক কাম কৰি আহিছে । বিশেষকৈ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত চি আৰ পি এফে সদায় গুৰুত্ব প্ৰদান কৰি অহাৰ কথা অধিনায়কগৰাকীয়ে সদৰি কৰে ৷