নিউজ ডেস্ক, 18 জানুৱাৰী :দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ লগতে নিৰ্বাচন আয়ুক্তৰ তিনিজনীয়া নিৰ্বাচনী আয়োগৰ দলে অসমত উপস্থিত হোৱাৰ দিনটোতে প্ৰকাশ পাইছে অসমৰ জনপ্ৰতিনিধিৰ অপৰাধৰ মাত্ৰাৰ এক বিশেষ প্ৰতিবেদন ৷ যিটো সময়ত নিৰ্বাচন আয়োগে জনপ্ৰতিনিধিসকলৰ অপৰাধৰ মাত্ৰা তিনিটাকৈ স্তৰত ৰাজহুৱা কৰি বিজ্ঞাপন প্ৰকাশ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে সেই সময়ত অসমৰ দুটা সংস্থাই উমৈহতীয়াকৈ প্ৰকাশ কৰিছে এই প্ৰতিবেদনখন ৷
আছাম ইলেকচন ৱাটছ আৰু এছ’চিয়েশ্বন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্ম নামৰ সংস্থা দুটাই একেলগে প্ৰকাশ কৰিছে অসম বিধানসভাৰ নিৰ্বাচিত প্ৰতিনিধিৰ অপৰাধৰ তালিকাখন ৷ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ ৱেবচাইট আৰু বিধায়কসকলে প্ৰদান কৰা এফিডেভিটৰ পৰাই এই তালিকাখন প্ৰস্তুত কৰিছে সংস্থা দুটাই ৷
তালিকাখনত মুঠ 119 গৰাকী বিধায়কৰ ভিতৰত 15 গৰাকী (13 শতাংশ) বিধায়ক অপৰাধজনিত গোচৰত জড়িত হৈ আছে ৷ ইয়াৰ ভিতৰত 11 গৰাকী গুৰুতৰ অভিযোগত জড়িত হৈ থকাৰ লগতে 3 গৰাকীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈ আছে আৰু এগৰাকী বিধায়কৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ গোচৰ ৰুজু হৈ আছে ৷ দল হিচাপত সৰ্বাধিকসংখ্যক (12শতাংশ) বিজেপি বিধায়কৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু হৈ আছে ৷
বিজেপি বিধায়কঃ
- আমিনুল হক লস্কৰ, সোনাই বিধানসভা সমষ্টি; মুঠ গোচৰ 14টা,গুৰুতৰ গোচৰ 5 টা
- কুশল দুৱৰী, থাওৰা বিধানসভা সমষ্টি; মুঠ গোচৰ 8 টা গুৰুতৰ,গোচৰ 5 টা
- নৱ কুমাৰ দলে, ঢকুৱাখানা বিধানসভা সমষ্টি; মুঠ গোচৰ 4টা,গুৰুতৰ গোচৰ 3 টা
- ৰমাকান্ত দেউৰী, মৰিগাঁও বিধানসভা সমষ্টি; মুঠ গোচৰ 5টা,গুৰুতৰ গোচৰ 3 টা
- নাৰায়ন ডেকা, বৰক্ষেত্ৰী বিধানসভা সমষ্টি; মুঠ গোচৰ 2টা,গুৰুতৰ গোচৰ 1 টা
- দীপক কুমাৰ ৰাভা, দুধনৈ বিধানসভা সমষ্টি; মুঠ গোচৰ 3 টা,গুৰুতৰ গোচৰ 1 টা
- শিলাদিত্য দেৱ, হোজাই বিধানসভা সমষ্টি; মুঠ গোচৰ 8 টা
কংগ্ৰেছ বিধায়কঃ
- কমলাক্ষ দে’ পুৰকায়স্থ, উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টি; মুঠ গোচৰ 4 টা গুৰুতৰ গোচৰ 1 টা
- দেবব্ৰত শইকীয়া, নাজিৰা বিধানসভা সমষ্টি; মুঠ গোচৰ 3 টা,গুৰুতৰ গোচৰ 1 টা
- আব্দুল কালাম ৰচিদ, পূৱ গোৱালপাৰা বিধানসভা সমষ্টি; মুঠ গোচৰ 2 টা,গুৰুতৰ গোচৰ 1 টা
- নুৰুল হুদা, ৰূপহীহাট বিধানসভা সমষ্টি; মুঠ গোচৰ 6 টা
- জামালুদ্দিন আহমেদ, বদৰপুৰ বিধানসভা সমষ্টি; মুঠ গোচৰ 2টা