গুৱাহাটী, 18 আগষ্ট : মঙলবাৰে গুৱাহাটী ক্লাৱত চিপিআইএমে এক অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে ৷ জাতীধ্বংসী কা, EIA প্ৰত্যাহাৰৰ দাবীত এই প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷
ইয়াৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদতো বিক্ষোভ সাব্যস্ত কৰে ৷ সংগঠনটোৰ দাবী চৰকাৰে অতিশীঘ্ৰে কা বাতিল কৰক,মূল্যবৃদ্ধি নিয়ন্ত্ৰন কৰক ৷ কোভিড-19 সংক্ৰান্তত অভিযোগ উঠা সমস্ত দুৰ্নীতিৰ উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিব লাগে বুলি দাবী জনায় সংগঠনটোৱে ৷