অসম

assam

By

Published : Oct 3, 2022, 4:24 PM IST

ETV Bharat / city

দুৰ্গা পূজাত কদৰ্য ৰাজনীতিৰ আশ্ৰয় লোৱাটো ভাৰতবৰ্ষৰ মানুহে কেতিয়াও গ্ৰহণ নকৰে : চিপিআই(এম)

কলকাতাৰ পূৱ প্ৰান্তৰ কাচবাত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা এখন (Akhil Bharatiya Hindu Mahasabha at Kasba) দুৰ্গা পূজাই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে । পূজাখনত হিন্দু মহাসভাই জাতিৰ পিতা মহাত্মা গান্ধীক 'অসুৰ' হিচাপে প্ৰদৰ্শন (Display of Mahatma Gandhi as Asura in Kolkata) কৰিছিল ৷ চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটিয়েও এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

Display of Mahatma Gandhi as Asura in Kolkata
চিপিআইৰএম ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ

গুৱাহাটী, ৩ অক্টোবৰ :দেশবাসীয়ে ২ অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী (Birth anniversary of Mahatma Gandhi) পালন কৰাৰ সময়তে কলকাতাৰ পূৱ প্ৰান্তৰ কাচবাত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা পূজাই দেশৰ লগতে অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Akhil Bharatiya Hindu Mahasabha at Kasba) । অখিল ভাৰতীয় হিন্দু মহাসভাই বাপুক দেৱী দুৰ্গাই বধ কৰা অসুৰ(মহিষাসুৰ) হিচাপে প্ৰদৰ্শন কৰাৰ পিছতেই এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এই বিষয়টোক লৈ বিজেপিক বাদ দি অসমৰ সোঁপন্থী আৰু বাঁওপন্থী সকলো দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিপিআইৰ(এম) ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে (Bapu as Asura at Kasba in Kolkata) । তেওঁ দুৰ্গা পূজাৰ দৰে পবিত্ৰ অনুষ্ঠানত কদৰ্য ৰাজনীতিৰ আশ্ৰয় লোৱাটো কেতিয়াও ভাৰতবৰ্ষৰ মানুহে গ্ৰহণ নকৰে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, দেশে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত যাৰ নেতৃত্বত স্বাধীনতা আন্দোলন কৰা হৈছিল, সেই জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ দিনটো অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা পূজাত দেৱী দুৰ্গাই বধ কৰা অসুৰ (মহিষাসুৰ) হিচাপে মহাত্মা গান্ধীক উপস্থাপন কৰা হৈছে ৷ আনকি হিন্দু মহাসভাই কয় যে, মহাত্মা গান্ধীক জাতিৰ পিতা হিচাপে নামানো । ভাৰতৰ পৰা মহাত্মা গান্ধীৰ নাম যিমান সোনকালে নাইকিয়া হৈ যায় ভাল ।

চিপিআইৰএম ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ

চিপিআইৰ(এম) ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে(CPIM Assam state committee) এনেকুৱা কথা অত্যন্ত বেদনাদায়ক বুলি উল্লেখ কৰে । তেওঁ আৰু কয় যে, আমি মুঠেই আচৰিত হোৱা নাই কাৰণ হিন্দু মহাসভাৰ নেতা বীৰ সাভাৰকাৰক মহাত্মা গান্ধীৰ হত্যাকাণ্ড গোচৰত আটক কৰা হৈছিল । কাৰিকৰী কাৰণত শাস্তি নহ’ল । মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰা নাথুৰাম গডছেও মহাসভাৰ লগত জড়িত আছিল ।

তেওঁ লগতে কয় যে, হিন্দু মহাসভাই আগৰে পৰা মহাত্মা গান্ধীক শত্ৰু হিচাপে গণ্য কৰে । তেওঁলোকে সম্পূৰ্ণ ৰাষ্ট্ৰক অপমান কৰিছে । এয়া নিন্দনীয় ঘটনা । বিজেপি, আৰএছএছৰ আদৰ্শৰ বিৰুদ্ধে যুঁজ কৰাৰ মাজেৰেহে আমি গান্ধীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰিম বুলি চিপিআইৰ(এম) ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে উল্লেখ কৰে ।

লগতে পঢ়ক:কলকাতাৰ দুৰ্গা পূজাত অসুৰৰ ৰূপত মহাত্মা গান্ধী

ABOUT THE AUTHOR

...view details