গুৱাহাটী,২১জুন:গুৱাহাটীত শেহতীয়াকৈ ধাৰাসাৰে বাঢ়িছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যেই প্ৰায় ভাগ স্থানেই হৈ পৰিছে কণ্টেইনমেণ্ট জ'ন । মহানগৰীৰ ফাঁচীবজাৰ, মালিগাঁও, পাণ্ডু, আঠগাঁও আদি স্থানসমূহ হৈ পৰিছে কৰ'ণাৰ হ'ট স্পট। জিলা প্ৰশাসনৰ তথ্য অনুসৰি বৰ্তমান কামৰূপ মহানগৰৰ ১৭৮ টাকৈ স্থান কণ্টেইনমেণ্ট জ'ন ৰূপে চিহ্নিত হৈছে। ইয়াৰে ৩৭টা স্থানৰ কণ্টেইনমেণ্ট জ'ন প্ৰত্যাহাৰ কৰা হৈছে যদিওঁ ১৪১টাকৈ স্থান এতিয়াও সক্ৰিয় হৈ আছে।
মহানগৰীত ধাৰাসাৰে বাঢ়িছে কৰ'ণা আক্ৰান্তৰ সংখ্যা - assam health department
গুৱাহাটীত শেহতীয়াকৈ ধাৰাসাৰে বাঢ়িছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যেই প্ৰায় ভাগ স্থানেই হৈ পৰিছে কণ্টেইনমেণ্ট জ'ন । মহানগৰীৰ ফাঁচীবজাৰ, মালিগাঁও, পাণ্ডু, আঠগাঁও আদি স্থানসমূহ হৈ পৰিছে কৰ'ণাৰ হ'ট স্পট।

মহানগৰীত ধাৰাসাৰে বাঢ়িছে কৰ'ণা আক্ৰান্তৰ সংখ্যা
ইফালে পাণ্ডুৰ এগৰাকী মহিলাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱাৰ পিছত মহিলাগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। ইয়াৰোপৰি পাণ্ডুৰ FRU চিকিৎসালয়ত পৰীক্ষা কৰা ৭জনকৈ লোক ক'ভিড পজিটিভ বুলি চিনাক্ত হৈছে। যাৰ বাবে মহানগৰীত এতিয়া গণ সংক্ৰমণ আৰম্ভ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।