গুৱাহাটী, 17 জুলাই :মহানগৰীৰ সাতমাইলৰ এটা দহমহলীয়া অট্টালিকা ক'ভিড কেয়াৰ হাস্পতাল কৰাৰ চিন্তা চৰ্চা কৰিছে স্বাস্থ্য বিভাগে । গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বহু কেইটো কাৰাবন্দীৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ পাচতেই এই কথা বিবেচনা কৰিছে স্বাস্থ্য বিভাগে ৷
ইতিমধ্যে কাৰাবন্দী সকলক সেই অট্টালিকাত ভৰ্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্ৰথম পৰ্যায়ত প্ৰায় 200 গৰাকী কৰ'ণা পজিটিভ কাৰাবন্দীক ৰখাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।