অসম

assam

ETV Bharat / city

কামৰূপ মহানগৰত টীকাকৰণ কেন্দ্ৰ বৃদ্ধিৰ নিৰ্দেশ উপায়ুক্তৰ - increased covid centre

টীকাকৰণ তীব্ৰতৰ কৰাৰ উদ্দেশ্যে শনিবাৰে কামৰূপ(ম) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত সকলো চক্ৰ বিষয়া, শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় চহৰীয়া জীৱিকা অভিযানৰ বিষয়াসকলৰ এখন গুৰূত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

covid centre increased in guwahti metro
কামৰূপ মহানগৰত টীকাকৰণ কেন্দ্ৰ বৃদ্ধিৰ নিৰ্দেশ উপায়ুক্তৰ

By

Published : Jun 19, 2021, 10:47 PM IST

Updated : Jun 19, 2021, 10:59 PM IST

গুৱাহাটী, ১৯ জুন : টীকাকৰণ অভিযান তীব্ৰতৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কামৰূপ মহানগৰ জিলাত ক’ভিড টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধিৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷ বৰ্তমান থকা কেন্দ্ৰসমূহৰ উপৰিও অতিৰিক্ত কেন্দ্ৰ গঠন কৰি টীকাকৰণ অভিযান তীব্ৰতৰ কৰাৰ নিৰ্দেশ দিছে উপায়ুক্ত পেগুৱে ।

তদুপৰি প্ৰতিটো ক্ষেত্ৰতে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে একোটাকৈ ভ্ৰাম্যমান কেন্দ্ৰৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়ে মহানগৰ উপায়ুক্তগৰাকীয়ে । মহানগৰৰ ধীৰেণপাৰা, ফটাশিল, আমবাৰী আদি ক’ভিড আক্ৰান্তৰ সংখ্যা অধিক হৈ থকা অঞ্চলসমূহত টীকাকৰণত বিশেষ গুৰুত্ব দিয়াৰ লগতে গ্ৰামাঞ্চলত টীকাকৰণৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ নিৰ্দেশ দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

টীকাকৰণ তীব্ৰতৰ কৰাৰ উদ্দেশ্যে শনিবাৰে উপায়ুক্তৰ অধ্যক্ষতাত সকলো চক্ৰ বিষয়া, শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় চহৰীয়া জীৱিকা অভিযানৰ বিষয়াসকলৰ এখন গুৰূত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত টীকাকৰণ অভিযানৰ আন্তঃগাঁঠনিৰ পৰ্যালোচনা কৰাৰ লগতে এই কামত শিক্ষক, অংগনৱাদী সহায়িকা আৰু ৰাষ্ট্ৰীয় চহৰীয়া জীৱিকা অভিযানৰ সদস্যসকলক জড়িত কৰাৰো সিদ্ধান্ত লোৱা হয় ।

বৈঠকখনত জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শৰ্মিষ্ঠা বৰা, অতিৰিক্ত উপায়ুক্ত (টীকাকৰণ) গুণজিৎ ৰয় চৌধুৰী, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গনেশ শইকীয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ আন বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :গ্ৰামাঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ

Last Updated : Jun 19, 2021, 10:59 PM IST

ABOUT THE AUTHOR

...view details