নিউজ ডেস্ক, 31 জানুৱাৰী :ৰাজ্যত দেওবাৰে পুনৰ নতুনকৈ 910 গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় আৰু মৃত্যু হয় 20 জনৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা(Covid active Cases in Assam) 7,14,595 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,442 গৰাকীলৈ বৃদ্ধি পাইছে(Covid death toll in Assam) ৷ বৰ্তমান সংক্ৰিয় হৈ আছে 22,448 টা ঘটনা ৷ পজিটিভিটি হাৰ হৈছে 6.95% ৷
কামৰূপ মহানগৰীত সৰ্বাধিক 357 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে লখিমপুৰত 51 গৰাকী, বৰপেটাত 50 গৰাকী আৰু কামৰূপ গ্ৰাম্যত 40 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, কাছাৰ, কামৰূপ মহানগৰ, শোণিতপুৰ, তিনিচুকীয়াত 2 গৰাকীকৈ, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, গোৱালপাৰা, গোলাঘাট, হোজাই, যোৰহাট, কামৰূপ গ্ৰাম্য, লখিমপুৰ আৰু ওদালগুৰিত এজনকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷