নিউজ ডেস্ক, 27 জানুৱাৰী :অসমত বুধবাৰে 1,951 গৰাকী লোকৰ দেহত ক’ভিড 19ৰ অৱস্থিতি (Covid positive Cases in Assam) ধৰা পৰে ৷ আনহাতে, যোৱা 24 ঘন্টাত 21 জন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা 36,063 গৰাকীলৈ বৃদ্ধি পাইছে ৷ কামৰূপ মহানগৰীত সৰ্বাধিক 422 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷
যোৰহাটত 139 গৰাকী, লখিমপুৰত 91 গৰাকী আৰু ডিব্ৰুগড়ত 87 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, ক’ভিডত আক্ৰান্ত হৈ কামৰূপ মহানগৰীত 7 গৰাকী, ডিব্ৰুগড়ত 4 গৰাকী, বৰপেটাত 2 গৰাকী, শোণিতপুৰত 2 গৰাকী আৰু কাছাৰ, গোলাঘাট, যোৰহাট, কৰিমগঞ্জত 1 গৰাকীকৈ লোক মৃত্যু হয় ক’ভিডত ৷