অসম

assam

ETV Bharat / city

কোভিড-১৯ : অসমত সুস্থ হৈ উঠিছে ১২গৰাকীকৈ ৰোগী - কোভিড-১৯

অসম চৰকাৰে প্ৰদান কৰা স্বাস্থ্য় সম্বন্ধীয় বিজ্ঞপ্তিত ৰাজ্যত সৰ্বমুঠ ১২ গৰাকী কৰ'ণাত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠা বুলি প্ৰকাশ কৰিছে । ৰাজ্যত এতিয়াও প্ৰায় ২১গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে ।

অসমত সুস্থ হৈ উঠিছে ১২গৰাকীকৈ ৰোগী
অসমত সুস্থ হৈ উঠিছে ১২গৰাকীকৈ ৰোগী

By

Published : Apr 19, 2020, 12:38 PM IST

গুৱাহাটী, ১৯ এপ্ৰিলঃ সম্প্ৰতি কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰতিটো মূহুৰ্ততে বৃদ্ধি হৈ আছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ।

অসমত সুস্থ হৈ উঠিছে ১২গৰাকীকৈ ৰোগী

শনিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ বিশ্বত 22,75,782 গৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 1,56,104 গৰাকী লোকৰ । ইয়াৰ বিপৰীতে ভাৰতত কৰ'ণাৰ আক্ৰান্ত হৈছে 14,792 গৰাকী আৰু মৃত্যু হৈছে 488 গৰাকী ব্যক্তিৰ ।

অসমত সুস্থ হৈ উঠিছে ১২গৰাকীকৈ ৰোগী

ইফালে অসমত বৰ্তমান 34 গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে এগৰাকী লোকৰ মৃত্যু হৈছে । তদুপৰি 12গৰাকী ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিছে যদিও 21গৰাকী ৰোগী বৰ্তমানলৈ চিকিৎসাধীন অৱস্থাত আছে । সম্প্ৰতি 4400 গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে অসমত । ইয়াৰে 4199 গৰাকীৰ ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃমৃত্যুৰ চিন্তাই গ্ৰাস কৰা পৃথিৱীখনত মৃত্যুৰ সংখ্যা কমিছে নেকি ?

ABOUT THE AUTHOR

...view details