অসম

assam

ETV Bharat / city

COVID-19 : কৰ'ণা ভাইৰাছক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱে : জনসম্পর্কৰক্ষী বিষয়া - Assam and COVID-19

কৰ'ণা ভাইৰাছৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱেৰ কৰ্তৃপক্ষই ৷ এই কথা প্ৰকাশ কৰিছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই৷

কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া
কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

By

Published : Mar 14, 2020, 6:31 PM IST

গুৱাহাটী, 14 মাৰ্চ :কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই । যাত্ৰীসকল কৰ'ণা ভাইৰাছৰ বাবে আতংকিত হোৱাৰ প্ৰয়োজন নাই কিয়নো যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱেৰ কৰ্তৃপক্ষই ।

কৰ'ণা ভাইৰাছক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱে

উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত বৰ্তমানলৈ কোনো যাত্ৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি জানিবলৈ দিয়ে জনসম্পর্কৰক্ষী গৰাকীয়ে । কৰ'ণা ভাইৰাছৰ কোনো লক্ষণ থকা ব্যক্তিক যদিহে ৰেলৰ ভিতৰত প্ৰত্যক্ষ কৰা হয়, তেন্তে ৰেলৰ টিকট পৰীক্ষকসকলক ততালিকে ৰেল কৰ্তৃপক্ষৰ লগতে হেল্প লাইন নম্বৰত অৱগত কৰাবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ।

কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

আনহাতে জনসম্পর্ক ৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, উত্তৰ পূব সীমান্ত ৰেলৱে 1122 খন বিচনা সাজু কৰি ৰাখিছে য'ত কৰ'ণা ভাইৰাছত আক্ৰান্ত অথবা কৰ'ণা আক্ৰান্ত সন্দেহজনক লোকৰ চিকিৎসা কৰা হ'ব । লগতে সমগ্ৰ ভাৰতত 20 হাজাৰ বিচনা ৰেল মন্ত্ৰণালয়ে সাজু কৰি ৰাখিছে বুলিও জানিবলৈ দিয়ে জনসম্পর্কৰক্ষীগৰাকীয়ে । ইয়াৰ উপৰিও কৰ'ণা ভাইৰাছৰ পৰা কেনেদৰে নিজক ৰক্ষা কৰিব পাৰি তাৰ সজাগতামূলক শিবিৰ নিৰ্মাণ কৰাৰ কথা জানিবলৈ দিয়ে জনসম্পর্কৰক্ষী গৰাকীয়ে । আনহাতে যাত্ৰী সকলৰ সজাগতাৰ বাবে ৰেল কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বৰ্তমানলৈ কৰ'ণা ভাইৰাছ নিৰ্ধাৰণ কৰাৰ বাবে যাৱতীয় পৰীক্ষা কৰাৰ পদ্ধতি বৰ্তমানলৈ কৰা নাই উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই ৷ ৰেল মন্ত্ৰালয়ে বৰ্তমানলৈ কৰ'ণা ভাইৰাছ পৰীক্ষা কৰিবৰ বাবে কোনো নিৰ্দেশনা জাৰি কৰা নাই বুলি জনায় জনসম্পর্কৰক্ষী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details