গুৱাহাটী, ১৮ এপ্ৰিলঃসম্প্ৰতি কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰতিটো মূহুৰ্ততে বৃদ্ধি হৈছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ।
মঙলবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ বিশ্বত 22,00,322 গৰাকী কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 1,47,757 গৰাকী লোকৰ । ইয়াৰ বিপৰীতে ভাৰতত কৰ'ণাত আক্ৰান্ত হৈছে 13,835 গৰাকী লোক আৰু মৃত্যু হৈছে 452 গৰাকী লোকৰ ।