অসম

assam

ETV Bharat / city

অগপৰ সভাপতি নিৰ্বাচনত আদালতৰ স্থগিতাদেশ - অতুল বৰা

অসম গণ পৰিষদৰ সভাপতি পদত অতুল বৰা নিৰ্বাচিত হোৱা সিদ্ধান্তত মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে স্থগিতাদেশ জাৰি কৰে। যোৱা ২৭ আগষ্টত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ অধিৱেশন অবৈধ বুলি ঘোষণা কৰে আদালতে।

অতুল বৰাৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াত আদালতৰ স্থগিতাদেশ
অতুল বৰাৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াত আদালতৰ স্থগিতাদেশ

By

Published : Sep 8, 2020, 4:25 PM IST

গুৱাহাটী,৮ ছেপ্টেম্বৰঃ অসম গণ পৰিষদৰ সভাপতি হিচাপে অতুল বৰাক নিৰ্বাচিত কৰা সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিলে কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে। উল্লেখ্য যে, এক বিতৰ্কিত পৰিস্থিতিত যোৱা ২৭ আগষ্টত অনুষ্ঠিত হৈছিল অসম গণ পৰিষদৰ অধিৱেশন। এই অধিৱেশন দলীয় সংবিধানৰ পৰিপন্থী বুলি অগপৰ মহানগৰ সমিতিৰ ৩ জন নেতাই আদালতত গোচৰ তৰিছিল।

সেই গোচৰৰ ভিত্তিতে আদালতে উক্ত অধিৱেশন অনুষ্ঠিত নকৰিবলৈ ৰায়দান দিয়ে। কিন্তু আদালতৰ নিৰ্দেশ নোপোৱাৰ অজুহাতত ২৭ আগষ্টৰ পুৱা নিৰ্দ্ধাৰিত সময়ৰ পূৰ্বেই আমবাৰীত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অধিৱেশনখন অনুষ্ঠিত হয়। সেই অধিৱেশনতে অতুল বৰাক পুনৰ সভাপতি পদৰ বাবে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছিল। দলৰ একাংশ নেতাৰ এনে কাণ্ডত ক্ষুদ্ধ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। অৱশেষত আদালতে ২৭ আগষ্টত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ অধিৱেশন অবৈধ বুলি ঘোষণা কৰাৰ লগতে অতুল বৰাৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াতো স্থগিতাদেশ জাৰি কৰে ।

ABOUT THE AUTHOR

...view details