গুৱাহাটী, 9 ডিচেম্বৰ : অৱশেষত গোচৰমুক্ত হ'ল বিজেপিৰ শীৰ্ষ নেতা সুব্ৰমণিয়াম স্বামী ৷ বৃহস্পতিবাৰে এক দীঘলীয়া শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰী আদালতে ভাৰ্চুৱেলভাৱে এই শুনানি ঘোষণা কৰে(Court dismisses the case against Subramaniam Swamy) ৷ উল্লেখ্য যে বিগত 2015 চনতে কৰিমগঞ্জৰ নিম্ন আদালতত ড৹ সুব্ৰমণিয়াম স্বামীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল ৷
কৰিমগঞ্জ এছ ডি জে এম আদালতত 4186/2015 নম্বৰৰ অধীনত এই গোচৰ গ্ৰহণ কৰা হৈছিল(Case against Subramaniam Swamy) ৷ এই গোচৰটোক প্ৰত্যাহ্বান জনাই বিজেপিৰ শীৰ্ষ নেতা তথা প্ৰাক্তন মন্ত্ৰী সুব্ৰমণিয়াম স্বামীয়ে কৰা এক পুণঃবিবেচনা আবেদনৰ পাচতে উক্ত গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হৈছিল । সেইমৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিমগঞ্জৰ নিম্ন আদালতৰ শুনানি স্থগিত ৰাখি উক্ত গোচৰৰ সন্দৰ্ভত নিজাকৈ কেইবালানিও শুনানি গ্ৰহণ কৰে ৷