অসম

assam

ETV Bharat / city

কটনিয়ানে ঘেৰাও কৰিলে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয় - Cottonian cordons off Cotton University registrar office

শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী হিংসাত দোষী সাব্যস্ত হোৱা দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত কটনিয়ানে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ কাৰ্যালয় ঘেৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Cottonian cordons off Cotton University registrar office) ।

cotton-university-protest
কটনিয়ানে ঘেৰাও কৰিলে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়

By

Published : Feb 19, 2022, 11:01 PM IST

গুৱাহাটী, 19 ফেব্ৰুৱাৰী : শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী হিংসাত দোষী সাব্যস্ত হোৱা দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ কাৰ্যালয় ঘেৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Cottonian cordons off Cotton University registrar office) ।

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ 2022 চনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে নিশা প্ৰায় 12 বজাত সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাসৰ একাংশ আৱাসীয়ে অশ্ৰাব্য গালি-গালাজ পাৰি কাষতে লাগি থকা বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসলৈ লক্ষ্য কৰি শিল, বটল, লাঠী আদি দলিয়াই (Cotton University hostel boarders clash) ৷ যাৰ ফলত কেবাজনো আৱাসী আহত হয় ৷

কটনিয়ানে ঘেৰাও কৰিলে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়

নিৰ্বাচনৰ সময়ছোৱাত সংঘটিত হোৱা এই হিংসাৰ ফলত আঘাতপ্ৰাপ্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিৰ্বাচনী হিংসাত দোষী সাব্যস্ত হোৱা দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত পঞ্জীয়কৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে । লগতে এইক্ষেত্ৰত শীঘ্ৰেই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আইন হাতত তুলি লোৱাৰ হুংকাৰ দিয়ে কটনিয়ানে ৷

ইয়াৰোপৰি কটন বিশ্ববিদ্যালয় কতৃপক্ষৰ অৱহেলাৰ বাবে কটন বিশ্ববিদ্যালয় ছাত্ৰাবাসসমূহৰ অৱস্থা তথৈবচ হৈছে বুলিও প্ৰতিবাদস্থলীত কটনৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই অভিযোগ উত্থাপন কৰে । ছাত্ৰাবাসসমূহৰ অধিকাংশৰ দুবাৰ খিৰিকী ভঙা আৰু বৰষুণ আহিলে ছাত্ৰাবাসসমূহৰ ভিতৰতে বৰষুণ পৰে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক :Municipal Election 2022: পৌৰসভাত শত্ৰুৰ ৰূপত অগপ বিজেপি

ABOUT THE AUTHOR

...view details