কটন বিশ্ববিদ্যালয়ত পালন কাতি বিহু - কটন বিশ্ববিদ্যালয়
সমগ্ৰ ৰাজ্যৰ লগতে বেচৰকাৰী সংস্থা সমলয়ৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ গনসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত পালন কৰা হয় কাতি বিহু ।
গুৱাহাটী, 18 অক্টোবৰঃ আহিনৰ আঁৰে আঁৰে শেৱালীৰ সুবাসত গাঁৱৰ কেঁচা মাটিৰ সুবাসত অসমীয়াই পালন কৰিলে কঙালী বিহু ৷ সমগ্ৰ ৰাজ্যৰ লগতে বেচৰকাৰী সংস্থা সমলয়ৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ গনসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত পালন কৰা হয় কাতি বিহু । সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ চৌহদত পালন কৰা হয় অসমীয়াৰ জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষক সেউজীয়া প্ৰকৃতিৰ কাতি বিহু ৷ বিভাগৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকল তথা সমলয়ৰ সদস্য সকলে একত্ৰিত হৈ আকাশবন্তি জ্বলোৱাৰ লগতে মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তোলে সমগ্ৰ চৌহদ ৷ ব্যস্ততাপূৰ্ণ যান্ত্ৰিক মহানগৰীতো এইদৰেই পালন কৰা হয় কঙালী বিহু ৷