গুৱাহাটী, 28 নৱেম্বৰ: জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ কেবৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে কটনিয়ান ৷ বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়খনত সম্বোধন কৰে এখন সাংবাদমেল ৷ সাংবাদমেল যোগে কেন্দ্ৰীয় চৰকাৰৰ কেব সদনত পুনৰ উত্থাপনৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰ কৰে ছাত্ৰ একতা সভাৰ কৰ্ম-কৰ্তাসকলে ৷ কেবৰ বিৰুদ্ধে ৰাজ্যবাসীক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনালে কটনিয়ানসকলে ৷ সাংবাদমেলত তেওলোকে কয় যে কেবৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত কটন ছাত্ৰ একতা সভাই গোহাৰি পত্ৰৰ বিতৰণ কৰিব লগতে ৰাইজক সজাগ কৰিবলৈ বিভিন্ন স্থানত আলোচনা চক্ৰৰো আয়োজন কৰিছে কটনিয়ানসকলে ৷
ইফালে সাংবাদমেলযোগে কটন ছাত্ৰ একতা সভাই অহা 30 নৱেম্বৰৰ পৰা কেবৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে ৷ 30 নৱেম্বৰত কেবৰ বিৰুদ্ধে কটনিয়ানে আয়োজন কৰিছে জোৰ সমদলৰ ৷ কেবৰ বিৰুদ্ধে তেওলোকে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী লোৱাৰ পৰিকল্পনাৰ কথাও সদৰি কৰি উত্তৰ পূবৰ অৰ্থনৈতিক কেন্দ্ৰ হিচাপে জনাজাত ফাঁচী বজাৰ অৱৰোধ কৰাৰো হুংকাৰ দিয়ে ৷ আনহাতে সাংবাদিকৰ আগত কটনিয়ানসকলে জানিবলৈ দিয়ে যে কেব বাতিলৰ আহ্বানেৰে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ 5000 গামোছাৰ লগতে সমসংখ্যক চিঠি প্ৰেৰণ কৰিব ৷