গুৱাহাটী, ১৯ মাৰ্চ : কৰ'ণা ভাইৰাছে সংহাৰী ৰূপ লোৱাৰ পিছত এইবাৰ কেনা লাগিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীতো । ইতিমধ্যে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছিল ১৯ লাখ লোকৰ নাম । এইসকল নাম বাদ পৰা লোকে কি কাৰণত তেওঁৰ নাম বাদ পৰিল সেই সন্দৰ্ভত বিতং কাৰণসহ একোখনকৈ জাননী ২০ মাৰ্চৰ পৰা এনআৰচি কৰ্তৃপক্ষৰ পৰা লাভ কৰাৰ কথা আছিল ।
কৰ'ণা সন্ত্ৰাস : এনআৰচি প্ৰক্ৰিয়াত যতি ! - কৰ'ণা সন্ত্ৰাস : এনআৰচি প্ৰক্ৰিয়াত যতি !
সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছক লৈ এতিয়া অসমতো কেনা লাগিছে ৷ অসমত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সৃষ্টি হৈছে বেমেজালিৰ ৷ এনআৰচিৰ পৰা বাদ পৰা লোকৰ নাম সন্দৰ্ভত লাভ কৰিবলগা জাননী জাৰী কৰাত সম্ভৱত দেৰি হ'ব পাৰে ৷ ইটিভি ভাৰতৰ হাতত আহি পৰিছে এই তথ্য ৷ অৱশ্যে এনআৰচি কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰা নাই ৷
কৰ'ণা সন্ত্ৰাস : এনআৰচি প্ৰক্ৰিয়াত যতি !
সেই জাননীৰ আধাৰতে সেইসকল লোকে নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে বিদেশী ন্যায়াধীকৰণৰ ওচৰত গোচৰ তৰিব পাৰিব । কিন্তু এতিয়া সেই জাননী জাৰীৰ সময় পিছুৱাই দিয়া হৈছে কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে । যদিওবা এনআৰচি কৰ্তৃপক্ষই এই বিষয়ে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই কিন্তুইটিভি ভাৰতৰ হাতত আহি পৰা খবৰ অনুসৰি কাইলৈ অৰ্থাৎ ২০ মাৰ্চৰ পৰা সেই জাননী জাৰিৰ কাম আৰম্ভ নহ'ব। ইয়াৰ পৰিৱৰ্তে এপ্ৰিলৰ মধ্যভাগৰ পৰাহে এনআৰচি কৰ্তৃপক্ষই নাম বাদ পৰা লোকলৈ জাননী প্ৰেৰণৰ কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ।