গুাৱাহাটী, 19 মাৰ্চ :বিশ্বজুৰি এতিয়া কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19ৰ আতংক । কৰ'ণাৰ বাবে স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন । ব্ৰইলাৰ মুৰ্গীৰ পৰা এই ভাইৰাছ বিয়পে বুলি ৰাইজৰ মাজত এতিয়া প্ৰচলিত হৈ পৰিছে । যাৰ বাবে শংকিত হৈ ৰাইজে এৰিছে মাংস খোৱা । এইক্ষেত্ৰত মতামত প্ৰকাশ কৰে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসক ডাঃ প্ৰদীপ মেধিয়ে । ব্ৰইলাৰ পৰা এই ৰোগ বিয়পি নপৰে বুলি স্পষ্ট কৰি দিয়ে পশু চিকিৎসকগৰাকীয়ে । ৰাইজৰ মাজত এটা ভুৱা বাৰ্তা বিয়পি পৰা বাবেই ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে ।
ব্ৰইলাৰ খালে কৰ'ণা হোৱা খবৰটো সম্পূৰ্ণ মিছাঃ ডাঃ প্ৰদীপ মেধি - Corona Effect : Doctor Advice to Commn People
ডাঃ মেধিয়ে কয়, "এই ভাইৰাছ সংস্পৰ্শলৈ আহিলেহে বিয়পে । কোনো মাংস খালে যে এই ভাইৰাছে ক্ৰিয়া কৰিব সেয়া মিছা । মাংস খাওঁক কিন্তু ভালকৈ সিজাই খাওঁক ।" সকলোকে চাফ চিকুণভাৱে থাকিবলৈও পৰামৰ্শ আগবঢ়াই গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসকগৰাকীয়ে ।
![ব্ৰইলাৰ খালে কৰ'ণা হোৱা খবৰটো সম্পূৰ্ণ মিছাঃ ডাঃ প্ৰদীপ মেধি ব্ৰইলাৰ খালে কৰ'ণা হোৱা খবৰটো সম্পূৰ্ণ মিছাঃ ডাঃ প্ৰদীপ মেধি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6472390-thumbnail-3x2-0.jpg)
ব্ৰইলাৰ খালে কৰ'ণা হোৱা খবৰটো সম্পূৰ্ণ মিছাঃ ডাঃ প্ৰদীপ মেধি
ব্ৰইলাৰ খালে কৰ'ণা হোৱা খবৰটো সম্পূৰ্ণ মিছাঃ ডাঃ প্ৰদীপ মেধি
কিন্তু বৰ্তমান আতংকিত নহৈ সজাগ থাকিবলৈ ৰাইজক আহ্বান জনাই পশু চিকিৎসক ডাঃ প্ৰদীপ মেধিয়ে । ডাঃ মেধিয়ে কয়, "এই ভাইৰাছ সংস্পৰ্শলৈ আহিলেহে বিয়পে । কোনো মাংস খালে যে এই ভাইৰাছে ক্ৰিয়া কৰিব সেয়া মিছা । মাংস খাওঁক কিন্তু ভালকৈ সিজাই খাওঁক ।" সকলোকে চাফ চিকুণভাৱে থাকিবলৈও পৰামৰ্শ আগবঢ়াই গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসকগৰাকীয়ে ।
TAGGED:
Corona doctor advice