গুৱাহাটী, ৮ জুলাই : গুৱাহাটীত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জোখ-মাখ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য (Sachindra Nath Baishya arrested for taking bribe)। মহানগৰীৰ উলুবাৰীৰ আৰ কে মিছন ৰোডস্থিত কাৰ্যালয়ত ২৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে লোতে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাই। পৰৱৰ্তীৰ সময়ত তেওঁৰ কাৰ্যালয়ৰ কোঠাৰ পৰা 3,23,850 টকা আৰু জাপৰিগোগৰ ঘৰত অভিযান চলায় 3,19,000 টকা উদ্ধাৰ কৰা হৈছে । উল্লেখ্য যে, অৱসৰ গ্ৰহণৰ বাবে ৫ মাহ বাকী আছিল শচীন্দ্ৰ নাথ বৈশ্যৰ ।
উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জোখ-মাখ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য - Sachindra Nath Baishya arrested for taking bribe
অৱসৰ ল’বলৈ পাঁচমাহ থাকোতেই লাগিল কেনা ৷ ধনৰ লোভেই কাল হ’ল জোখ-মাখ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্যৰ ৷ উৎকোচ লৈ থাকোতেই গ্ৰেপ্তাৰ (Sachindra Nath Baishya arrested for taking bribe) ৷

Sachindra Nath Baishya arrested for taking bribe