নিউজ ডেস্ক,10 অক্টোবৰ: আজিও অব্যাহত আছে ঠিকাভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কৰ্মচাৰীৰ কৰ্মবিৰতি । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে বিভিন্ন সমস্যা ভোগ কৰি অহা বাবে ক্ষোভিত হৈছে ৷ অহা ১২ অক্টোবৰৰ ভিতৰত চৰকাৰে তেওঁলোকৰ সমস্যাবোৰ সমাধান নকৰিলে অহা ১৪ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি বৃহস্পতিবাৰে হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ কমলপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ কৰ্মচাৰী সকলে ।
উল্লেখ যে, চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ কৰা, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত এই ঠিকাভিত্তিক কৰ্মচাৰী সকলক নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদান কৰা, নিয়মীয়া কৰ্মচাৰী সকলে ভোগ কৰা সকলো সুবিধা ঠিকাভিত্তিক কৰ্মচাৰী সকলক প্ৰদান কৰাৰ দাবীত ইতিমধ্যে যোৱা এক অক্টোবৰৰ পৰা এই কৰ্মচাৰী সকলে কৰ্মবিৰতিৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ এই কাৰ্যসূচী অহা এঘাৰ অক্টোবৰলৈ অব্যাহত থাকিব । এই কৰ্মবিৰতিৰ কাৰ্যসূচী গ্ৰহণৰ পাছত বাৰ অক্টোবৰৰ ভিতৰত চৰকাৰে যদিহে ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ দাবী মানি নলয় তেন্তে সমগ্ৰ অসমতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে অনিৰ্দিষ্ট সময়লৈ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিব ।
সমগ্ৰ ৰাজ্যজুৰি ৮৬২০ গৰাকী কৰ্মচাৰীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত দিনৰাতি একাকাৰ কৰি কাম কৰি থকাৰ পাচতো চৰকাৰে এইসকল কৰ্মচাৰীক মাহী আইৰ চকুৰে চোৱাৰ অভিযোগ উত্থাপন কৰে । একাংশ কৰ্মচাৰীয়ে মাথো ৯২৪০ টকা দৰমহাত কাম কৰি আছে যদিও এইক্ষেত্ৰত চৰকাৰে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৰ্মচাৰী সকলে ।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গ্ৰাম ৰোজগাৰ সহায়ক,কম্পিউটাৰ সহায়ক,গাণনিক সহায়ক,গাঁও পঞ্চায়ত সমন্বয়ক ,স্বীকৃতিপ্ৰাপ্ত অভিযন্তা , ব্লক এম আই এছ মেনেজাৰ সকলৰ এনে কৰ্মবিৰতিৰ পৰিণতিত এতিয়া বিভাগটোৰ সকলো কাম-কাজ বন্ধ হৈ পৰিছে ।.