অসম

assam

By

Published : Dec 3, 2021, 8:11 PM IST

ETV Bharat / city

CITU Strike at Guwahati: গুৱাহাটীত তিনিশতাধিক নিৰ্মাণ শ্ৰমিকৰ ধৰ্মঘট

শুকুৰবাৰে গুৱাহাটীৰ ৰটাৰিত প্ৰায় তিনিশতাধিক নিৰ্মাণ শ্ৰমিকে বিভিন্ন দাবী উত্থাপন কৰি এই অৱস্থান ধৰ্মঘট পালন কৰে(Construction workers strike at Guwahati) ৷ অনুষ্ঠানটোত নিৰ্মাণ শ্ৰমিক ইউনিয়নে শ্ৰম বিভাগৰ সহকাৰী শ্ৰম আয়ুক্ত হেমন্ত কলিতাৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ শ্ৰম মন্ত্ৰীলৈ প্ৰেৰণ কৰে (Memorandum to labour minister) ।

construction-workers-strike-magnificent-success-at-guwahati-citu
গুৱাহাটীত তিনিশতাধিক নিৰ্মাণ শ্ৰমিকৰ ধৰ্মঘট

গুৱাহাটী, 3 ডিচেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীত শুকুৰবাৰে নিৰ্মাণ শ্ৰমিক কল্যাণ আইন,১৯৬১ ৰ স্বকীয়তা ৰক্ষাসহ কেইবাটাও দাবীত চি আই টি ইউৰ অন্তৰ্ভূক্ত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে ধৰ্মঘট পালন কৰে(CITU, CWFI strike at Guwahati)। গুৱাহাটীৰ ৰটাৰিত প্ৰায় তিনিশতাধিক নিৰ্মাণ শ্ৰমিকে বিভিন্ন দাবী উত্থাপন কৰি এই অৱস্থান ধৰ্মঘট পালন কৰে(construction workers demanding various things)। ৰাজ্যখনৰ গোলাঘাট, বৰপেটা, নলবাৰী, হাজো, ৰঙিয়া, ছয়গাঁও, বিহপুৰীয়া, ধেমাজি, মঙ্গদৈ, হৰিচিঙা, বালিপাৰ, মানিকপুৰ, মৰিগাঁও, হাইলাকান্দি আদি ঠাইত হাজাৰ হাজাৰ নিৰ্মাণ শ্ৰমিকে সমবেত হৈ সভা সমদল সংগঠিত কৰে ।

এই অৱস্থান কাৰ্যসূচীত চি আই টি ইউ মহানগৰ জিলাৰ সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক মদন তালুকদাৰে ভাষণ প্ৰদান কৰি কয় যে বিজেপি চৰকাৰৰ শাসনৰ এই সময়ছোৱাত নিৰ্মাণ শ্ৰমিকৰ সমস্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে । বৰ্তমান সময়ত শ্ৰমিকে কামৰ অভাৱত হাহাকাৰ কৰিব লগা অৱস্থা হৈছে । লগতে চৰকাৰে শ্ৰমজীৱী মানুহৰ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ দাম অহৰ্নিশে বৃদ্ধি কৰি আহিছে । নিৰ্মাণ সামগ্ৰীৰো অত্যাধিক হাৰত দাম বৃদ্ধি কৰি নিৰ্মাণ কাম বন্ধ হোৱা পৰিৱেশ সৃষ্টি কৰিছে । যাৰ ফলত সম্প্ৰতি নিৰ্মাণ শ্ৰমিকসকলে কাম নোপোৱাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে ।

ইতিমধ্যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিৰ্মাণ খণ্ড, বেংক, বীমা, ভাৰতীয় ৰে'লকে ধৰি দেশৰ লাভজনক খণ্ডবোৰ ব্যক্তিগত পুঁজিপতিৰ হাতত বিক্ৰী কৰিছে । সেয়ে লাহে লাহে কমি আহিছে শ্ৰমিকসকলৰ সুৰক্ষা । কাৰ্যসূচীৰ শেষত নিৰ্মাণ শ্ৰমিক ইউনিয়নে শ্ৰম বিভাগৰ সহকাৰী শ্ৰম আয়ুক্ত হেমন্ত কলিতাৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ শ্ৰম মন্ত্ৰীলৈ প্ৰেৰণ কৰে(Sends a memorandum to the Minister of Labour)। সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ৰ মহানগৰ জিলা সম্পাদক ভোলা শৰ্মাৰ স্বাক্ষৰিত এই স্মাৰক পত্ৰত উল্লেখ কৰা মতে অসমৰ বিজেপি চৰকাৰে নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে সংগৃহীত পুঁজি নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে খৰচ কৰাৰ বিপৰীতে অন্য শিতানতহে খৰচ কৰাত গুৰুত্ব প্ৰদান কৰিছে ।

উল্লেখ্য যে নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বিষয়টোৰ পৰা আঁতৰি গৈ জধে-মধে নিৰ্মাণ শ্ৰমিক নোহোৱা ব্যক্তিকো নিৰ্মাণ শ্ৰমিক বুলি পঞ্জীয়ন কৰা পৰিলক্ষিত হৈছে । ইয়াৰোপৰি প্ৰকৃত নিৰ্মাণ শ্ৰমিকে কল্যাণ পৰিষদৰ জৰিয়তে পাব লগা সা-সুবিধাৰ প্ৰ-পত্ৰ পূৰণ কৰিছে ৷ কিন্তু তেওঁলোকৰ সন্তানে পাব লগা শিক্ষা সাহায্য, নিৰ্মাণ শ্ৰমিকসকলৰ পেঞ্চন আৰু চিকিৎসা সাহায্যকে ধৰি অন্যান্য সুবিধাসমূহ সময়মতে পোৱা নাই ।

ফলত এই ক্ষেত্ৰত সংগঠনে বাৰে বাৰে আপত্তি দৰ্শাই থকাৰ পিছতো কল্যাণ পৰিষদৰ পৰা কোনো সঁহাৰি পোৱা নাই । ইয়াৰ বিপৰিতে চৰকাৰে সৃষ্টি কৰা কিছুমান অসাধু ব্যক্তিয়ে প্ৰকৃত নিৰ্মাণ শ্ৰমিকক বঞ্চিত কৰি তেওঁলোকৰ সা-সুবিধাবোৰ নিৰ্মাণ শ্ৰমিক নোহোৱা ব্যক্তিক আগতীয়াকৈ আদায় কৰি দিয়া দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :CITU, CWFI protest in Jorhat : যোৰহাটত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details