গুৱাহাটী,19 জুলাইঃউত্তৰ প্ৰদেশৰ সোনভদ্ৰত হোৱা হত্যাকাণ্ডৰ বাবে ৰাজনৈতিক মহলত তোলপাৰ লাগিছে । সদনৰ পৰা ৰাজপথলৈ এই হত্যাকাণ্ডৰ সৰৱ চৰ্চা চলি আছে । ইয়াৰ মাজতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে আহত আৰু নিহত পৰিয়ালৰ খবৰ লবলৈ উত্তৰ প্ৰদেশৰ বানাৰসীৰ পৰা সোনভদ্ৰলৈ যোৱাৰ সময়ত প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে মিৰ্জাপুৰত বাধা প্ৰদান কৰে। এই বাধা নেওচি প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ নেতৃ-বৃন্দক লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । কিন্তু প্ৰশাসনৰ অনুমতি অবিহনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ অপৰাধত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে প্ৰিয়ংকা গৰাকীক আটক কৰে ।
উত্তৰ প্ৰদেশত আটক প্ৰিয়ংকা গান্ধীঃ প্ৰতিবাদত উত্তাল ৰাজীৱ ভৱন - কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
উত্তৰ প্ৰদেশ চৰকাৰে অগণতান্ত্ৰিকভাৱে প্ৰিয়ংকা গান্ধীক আটক কৰাৰ অভিযোগ উত্থাপন কৰি গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে ৷

উত্তৰ প্ৰদেশত আটক প্ৰিয়ংকা গান্ধীঃ প্ৰতিবাদত উত্তাল ৰাজীৱ ভৱন
উত্তৰ প্ৰদেশত আটক প্ৰিয়ংকা গান্ধীঃ প্ৰতিবাদত উত্তাল ৰাজীৱ ভৱন
এনে এক পৰিস্থিতিতে, প্ৰিয়ংকা গান্ধীক অগণতান্ত্ৰিকভাৱে আটক কৰাৰ অভিযোগ উত্থাপন কৰি গুৱাহাটীস্থিত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছী সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু বিনা চৰ্তে প্ৰিয়ংকা গান্ধীক মুকলি কৰি দিবলৈ দবী উত্থাপন কৰে ৷