অসম

assam

ETV Bharat / city

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কংগ্ৰেছৰ - প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি গঠন কৰিলে ১৬জনীয়া সদস্যৰ এখন নিৰ্বাচনী কমিটিয়ে ৷

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কংগ্ৰেছৰ

By

Published : Jul 6, 2019, 11:35 PM IST

গুৱাহাটী,৬জুলাই : আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি । লোকসভা নিৰ্বাচনত কংগ্ৰেছে শোচনীয় পৰাজয় লাভ কৰাৰ পাছতেই এতিয়া বিটিএডিত ভেটি গঢ়াৰ লক্ষ্য হৈ পৰিছে কংগ্ৰেছৰ । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰিলে কংগ্ৰেছৰ সাধাৰণ সম্পাদক দূৰ্গা দাস বড়োই । ইতিমধ্যেই নিৰ্বাচনৰ বাবে গঠন কৰা হৈছে ১৬জনীয়া সদস্যৰ এখন নিৰ্বাচনী কমিটি । কমিটিৰ নেতৃত্বত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সাংসদ ভুৱনেশ্বৰ কলিতা, প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰ, বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন । কংগ্ৰেছৰ এই বিটিচি নিৰ্বাচন কমিটিৰ প্ৰথমখন বৈঠকত বিটিচিৰ ৪০টা পৰিষদীয় সমষ্টিত দলটোৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰা বুলি উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কংগ্ৰেছৰ

ইফালে এই সংবাদমেলতে বৰ্তমানৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক দূৰ্গা দাস বড়োই। বাজেটত বিটিএডিৰ বাবে কেৱল ২০ কোটি ধাৰ্য কৰি হাগ্ৰামাক প্ৰধানমন্ত্ৰী মোডীয়ে ঠগাইছে বুলিও কটাক্ষ কৰে বড়োয়ে ।

ABOUT THE AUTHOR

...view details