অসম

assam

ETV Bharat / city

Rajya Sabha Election 2022 : পুনৰ ৰিপুণ বৰাই কংগ্ৰেছৰ প্ৰাৰ্থী - ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুণ বৰা কংগ্ৰেছৰ প্ৰাৰ্থী

ৰাজ্যসভাৰ দুয়োখন আসন দখলৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে শাসক-বিৰোধীয়ে (Rajya Sabha Election 2022) ৷ ৰাজ্যসভাৰ এখন আসনৰ বাবে শুকুৰবাৰে বিজেপি দলে পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম ঘোষণা কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰিপুণ বৰাক ৷

Rajya Sabha Election 2022
পুনৰ ৰিপুণ বৰাই কংগ্ৰেছৰ প্ৰাৰ্থী

By

Published : Mar 19, 2022, 11:26 AM IST

গুৱাহাটী, ১৯ মাৰ্চ :ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব ৰিপুণ বৰা (Congress names Ripun Bora for Rajya Sabha Election) । নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰিপুণ বৰাৰ নাম । বৰ্তমানেও ৰাজ্যসভাৰ সাংসদ হৈ থকা বৰাৰ কাৰ্যকাল ২ এপ্ৰিলত অন্ত পৰিব । তেওঁৰ লগতে একেদিনাই কাৰ্যকাল শেষ হ’ব কংগ্ৰেছৰ আন এগৰাকী ৰাজ্যসভাৰ সাংসদ, ৰাণী নৰহৰ ।

পুনৰ ৰিপুণ বৰাই কংগ্ৰেছৰ প্ৰাৰ্থী

খালী হ’বলগীয়া এই দুয়োখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৩১ মাৰ্চত । সোমবাৰ অৰ্থাৎ ২১ মাৰ্চ হৈছে মনোনয়ন দাখিলৰ অন্তিম দিন । ইতিমধ্যে বিজেপিয়েও শুকুৰবাৰে নিশা ৰাজ্যসভাৰ এখন আসনৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । দ্বিতীয়খন আসনৰ বাবে অৱশ্যে বৰ্তমানলৈকে প্ৰাৰ্থীৰ নাম বিজেপি বা মিত্ৰদল ইউপিপিএলে ঘোষণা কৰা নাই ।

এতিয়া আটাইতকৈ জটিল ৰাজনৈতিক সাঁথৰটো হ'ল ৰিপুণ বৰা পুনৰ ৰাজ্যসভালৈ যাবলৈ সক্ষম হ’বনে ?

পুনৰ ৰিপুণ বৰাই কংগ্ৰেছৰ প্ৰাৰ্থী

কিয়নো, এজন প্ৰাৰ্থীক ৰাজ্যসভালৈ পঠিয়াবলৈ প্ৰয়োজন হোৱা ভোট কংগ্ৰেছ বা বিৰোধীৰ হাতত মজুত আছে যদিও আশ্বস্ত হ’ব পৰা নাই বিৰোধী দল কংগ্ৰেছ । কিয়নো কংগ্ৰেছৰ নিলম্বিত বিধায়ক‌ শশীকান্ত দাস আৰু শ্বেৰমান আলী আহমেদে যে ৰাজ্যসভাৰ নিৰ্বাচন 2022 ৰ ভোটদানৰ ক্ষেত্ৰত দলীয় "থ্ৰী লাইন হুইপ" মানি চলিব তাত সন্দেহ আছে ।

আনহাতে, মাত্ৰ এজন বিধায়কো যদি ভোটদানৰ পৰা বিৰত থাকে বা ভোটদান কৰোতে বেলটত সামান্যতমো ভুল কৰে, তেন্তে তেওঁৰ ভোট নাকচ হ’ব ৷ ইয়াৰ লগে লগে নিশ্চিতভাৱে বিৰোধীৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী পৰাজিত হ’ব । গতিকে ৰিপুণ বৰা কংগ্ৰেছৰ প্ৰাৰ্থী হ'লেও বিজয়ৰ পথ কিন্তু সিমান মসৃণ হৈ থকা নাই ।

লগতে পঢ়ক :Rajya Sabha Election: ৰাজ্যসভাৰ এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ABOUT THE AUTHOR

...view details