অসম

assam

Congress MLAs in Meghalaya join BJP: অৱশেষত কংগ্ৰেছ শূণ্য হ’ল মেঘালয়

By

Published : Feb 8, 2022, 10:47 PM IST

মেঘালয়ত কংগ্ৰেছত খহনীয়া ৷ মঙলবাৰে মেঘালয়ৰ পাঁচজন কংগ্ৰেছী বিধায়কৰ পদত্যাগ (Congress MLAs in Meghalaya join BJP) ৷ জানিবলৈ পঢ়ক সবিশেষ...

meghalaya-all-5-congress-mlas-join-bjp-backed-mda
অৱশেষত কংগ্ৰেছ শূণ্য হ’ল মেঘালয়

গুৱাহাটী, 8 ফেব্ৰুৱাৰী : মেঘালয়ত কংগ্ৰেছ দল এতিয়া নিচিহ্ন হোৱাৰ পথত ৷ মঙলবাৰে দলটোৰ অৱশিষ্ট 5 জন বিধায়কে নেচনেল পিপলছ পাৰ্টি চমুকৈ এন পি পি নেতৃত্বাধীন মেঘালয় ডেম'ক্ৰেটিক এলায়েন্সত (এম ডি এ)ত যোগদান কৰিলে (Congress MLAs in Meghalaya join BJP) । ইতিমধ্যে এই পাঁচজন বিধায়কে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ পত্ৰ লিখি তেওঁলোকে মেঘালয় ডেমক্ৰেটিক এলায়েন্স চৰকাৰত যোগদান কৰাৰ বিষয়ে অৱগত কৰিছে । যাৰ ফলত মেঘালয়ত কংগ্ৰেছ শূণ্য হৈ হ'ল ।

মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ লিখা এখন পত্ৰত দলটোৱে ৰাজ্যখনক আগুৱাই নিয়াৰ লগতে নাগৰিকসকৰ স্বাৰ্থৰ বাবে এম ডি এত যোগদান কৰিছে বুলি উল্লেখ কৰে কংগ্ৰেছ বিধায়িনী দলটোৱে ৷ এই চৰকাৰক সমৰ্থন আগবঢ়োৱা কংগ্ৰেছ বিধায়ক কেইজন ক্ৰমে, অম্পাৰিন লিংডো (CLP leader Ampareen Lyngdoh), মাইৰালবৰ্ণ ছিয়াম (MLA Mayralborn Syiem), মহেন্দ্ৰো ৰাপচাং (MLA Mohendro Rapsang) , কিম্ফা মাৰ্বানিয়াং (MLA KS Marbaniang) আৰু পিটি চাকমি (MLA PT Sawkmie) ।

অৱশেষত কংগ্ৰেছ শূণ্য হ’ল মেঘালয়

উল্লেখ্য যে মেঘালয়ত শাসনত থকা মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ অংশীদাৰ হিচাপে বিজেপি দলো আছে । কংগ্ৰেছ বিধায়ক সকলৰ এম ডি এত যোগদান কৰাৰ লগে লগে মুখ্যমন্ত্ৰী কনৰাড চাংমাই কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলকে একেখন চৰকাৰৰ অংশীদাৰ কৰিবলৈ সক্ষম হোৱা বিষয়টো এতিয়া দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে ।

জানিব পৰা মতে, বিগত নৱেম্বৰ মাহত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা মুকুল চাংমাকে ধৰি দলটোৰ 12 জনকৈ বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল । ইয়াৰ পিছত ৰাজ্যখনত মাত্ৰ 5 জনহে কংগ্ৰেছ বিধায়ক ৰৈছিলগৈ । এই অৱশিষ্ট 5 জন কংগ্ৰেছ বিধায়কেও এতিয়া এম ডি এ চৰকাৰৰ অংশীদাৰ হৈ পৰাৰ ফলত ৰাজ্যখনত একমাত্ৰ বিৰোধী দল হিচাপে থিয় হৈ আছে তৃণমূল কংগ্ৰেছ । ইফালে কংগ্ৰেছ দলটোৰ মেঘালয়ত এই অৱস্থাই ৰাজ্যখনত দলটোৰ ভৱিষ্যত সন্দিহান কৰি তুলিছে ।

লগতে পঢ়ক :বিজেপি বিধায়কৰ পদত্যাগ : চিন্তিত নহয় ৰাজ্যিক বিজেপিৰ সভাপতি

ABOUT THE AUTHOR

...view details