গুৱাহাটী, 11 জুনঃ বৃহস্পতিবাৰে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা সজাতি দলে । সভাপতি ৰিপুন বৰাৰ নেতৃত্বত যোৱা দলটোৰ আছিল সাংসদ গৌৰৱ গগৈ,বিধায়ক ৰকিবুক হুছেইন,নন্দিতা দাসৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতা ।
কয়লা খনন অনুমতি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা সজাতি দলে বৃহস্পতিবাৰে পুৱা 10 বজাত ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপালক সাক্ষাৎ কৰে । অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত যোৱা দলটোৱে ৰাজ্যপালৰ হাতত অৰ্পণ কৰে তিনিখন স্মৰকপত্ৰ । দুখন স্মাৰকপত্ৰ ৰাজ্যপালৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰাৰ লগতে এখন স্মাৰকপত্ৰ ৰাজ্যপালক ব্যক্তিগত ভাৱে অৰ্পণ কৰে কংগ্ৰেছৰ দলটোৱে ।
ৰাজ্যপালৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰদান কৰা প্ৰথমখন স্মাৰকপত্ৰত কংগ্ৰেছ দলটোৱে দিহিং-পাটকাই আৰুডিব্ৰু-ছৈখোৱা অভয়াৰণ্যকেন্দ্ৰীয় চৰকাৰে কয়লা মুক্ত খননৰ যি অনুমতি প্ৰদান কৰিছে এই অনুমতি বাতিল কৰাৰ দাবী জনাইছে । ৰিপুন বৰাই দিহিং-পাটকাই আৰু ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যত মুক্ত খননৰ অনুমতি সন্দৰ্ভত কয় যে এই অভয়াৰণ্য দুখনত খনন কাৰ্যৰ অনুমতি প্ৰদান কৰাটো সম্পূৰ্ণ বে-আইনী । অভয়াৰণ্য দুখনত মুক্ত খনন আৰম্ভ হ'লে ইয়াৰ জৈৱ-বৈচিত্ৰ সম্পূৰ্ণ ধ্বংস হৈ যাব। ইয়াৰ উপৰিও দিহিং-পাটকাইত বৰ্তমানেও চলি থকা কয়লাৰ অবৈধ খনন অতি শীঘ্ৰে বন্ধ কৰাৰ বাবেও স্মাৰকপত্ৰত দাবী জনোৱা হৈছে । দ্বিতীয়তে, বাঘজান তৈলখাদত সংঘটিত হোৱা অগ্নিকাণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰ,অইল ইণ্ডিয়া আৰু ৰাজ্য চৰকাৰখন জগৰীয়া বুলি মন্তব্য কৰি ৰিপুন বৰাই কয় যোৱা ১৪ দিনে গেছ নিৰ্গত হৈ থকাৰ পিছতো কেন্দ্ৰ চৰকাৰ,অইল ইণ্ডিয়া আৰু ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এই ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে । ৰাজ্যপালৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰীলৈ প্ৰদান কৰা স্মাৰকপত্ৰখনত দাবী জনাইছো যে এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত যিসকল লোকে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিব লাগে ।
ইয়াৰ উপৰি কংগ্ৰেছ দলটোৱে ৰাজ্যপালক প্ৰদান কৰা স্মাৰকপত্ৰত উত্তৰ কাছৰ স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম দেবলাল গাৰ্লছাৰ বিৰুদ্ধে গোচৰ চলাবলৈ ৰাজ্য চৰকাৰে অনুমতি প্ৰদান নকৰা বিষয়ত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছৰ নেতা কেইজনে ।
লগতে পঢ়ক- কাৰ হেমাহিত বাঘজানৰ অগ্নিকাণ্ড : তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ