গুৱাহাটী, 30 আগষ্ট :শিক্ষাৰ সংস্কাৰৰ নামত শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে । মাধ্যম বিতৰ্ক অব্যাহত থকাৰ সময়তে চৰকাৰে চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস (School amalgamation in Assam) কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এখন বা দুখন বিদ্যালয় নহয়, ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে বন্ধ কৰাৰ বাবে প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে (Govt schools to close in Assam)। ইফালে ইতিমধ্যে মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল আৰু কম ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে শিক্ষা বিভাগে (Assam govt decides to School amalgamation)।
আনহাতে, একত্ৰীকৰণৰ নামত শিক্ষা বিভাগে ৰাজ্যৰ একাংশ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে তলা ওলোমাই দিছে । স্বাভাৱিকতেই শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্তক সহজভাৱে লোৱা নাই শিক্ষক-অভিভাৱকৰ লগতে সচেতন মহলে । পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়ৰ প্ৰায় ৭ হাজাৰ শিক্ষানুষ্ঠান বন্ধ কৰি সমীপৱৰ্তী বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি দিয়া হৈছিল (Amalgamation of govt school in Assam)।
লগতে পঢ়ক :নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়
কামৰূপ মহানগৰ জিলাত একত্ৰীকৰণৰ বাবে বন্ধ হ’ব কেইবাখনো বিদ্যালয় (16 schools to be close in Guwahati) । ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি কম হোৱা বাবে একত্ৰীকৰণ হ’ব এই বিদ্যালয়সমূহ । কামৰূপ মহানগৰত ১৬ খন বিদ্যালয় একত্ৰীকৰণ হ’ব । ৩০ জনতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ।
বিদ্যালয় কেইখন হৈছে নামনি কামাখ্যা এল পি স্কুল, বীণাপাণি হিন্দী এল পি স্কুল, মাছখোৱা মাজিদা এল পি স্কুল, খাৰঘূলী শিশু বিদ্যাপীঠ, মালিগাঁও বালিকা এল পি স্কুল, ৰুদ্ৰ সিং এল পি স্কুল, উত্তৰ বনমজা এল পি স্কুল, কটকীপৰা এল পি স্কুল, লাচিত গড় এল পি স্কুল, টিলিং গাঁও এল পি স্কুল, ঘোঁৰামৰা এল পি স্কুল, জনজাতি এম ই স্কুল, জিতেন্দ্ৰ নাথ এম ই স্কুল, চিত্ৰাঞ্চল এল পি স্কুল, আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল,নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল ।