গুৱাহাটী, 16 ছেপ্টেম্বৰ:অসমত সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে কংগ্ৰেছ দলে অহা নৱেম্বৰ মাহৰ পৰা ৰাজ্যত আৰম্ভ কৰিব ভাৰত জোড়ো অসম যাত্ৰা (Bharat Jodo Yatra in Assam) । শুক্ৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জয়ৰাম ৰমেশে এই কথা সদৰী কৰে (Congress leader Jayram Ramesh) ।
তেওঁ কয় যে অহা এক নৱেম্বৰৰ পৰা অসমত সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ কংগ্ৰেছে ভাৰত জোড়ো অসম যাত্ৰা আৰম্ভ কৰিব । এই যাত্ৰাত পদব্ৰজে ৮০০ কিলোমিটাৰ অতিক্ৰম কৰা হব ।
এদিনত ১৫ পৰা ২০ কিলোমিটাৰ যাত্ৰা কৰা হব । জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে বৰ্তমান ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই ১৬৩ কিলোমিটাৰ পদব্ৰজে অতিক্ৰম কৰিছে । এই যাত্ৰা এদিনত ২১ কিলোমিটাৰকৈ কৰা হৈছে ।