গুৱাহাটী, ৭ আগষ্ট:এইবাৰ দিছপুৰ থানাত উপস্থিত হৈ বিজেপি নেতাৰ বিৰুদ্ধে এহাজাৰ দাখিল কৰিলে অসম প্ৰদেশ মহিলা কংগ্ৰেছে । কিছুদিন পূৰ্বে সমাজিক মাধ্যমত কোনো দুষ্টচক্ৰই অডিঅ' বিকৃত কৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগত কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিয়ে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ । ইয়াৰ পাছত এইবাৰ বিজেপি নেতাৰ বিৰুদ্ধে মহিলা সমাজক অভব্য আচৰণ কৰাৰ অভিযোগত দিছপুৰ থানাত এজাহাৰ দাখিল কৰে প্ৰদেশ মহিলা কংগ্ৰেছে ।
উল্লেখ্য যে, ৬ আগষ্টত গোলাঘাট জিলা কিষান মৰ্চাৰ সহ-আহ্বায়ক ঋতু বৰাই সামাজিক মাধ্যমত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী সন্দৰ্ভত অশালীন মন্তব্য কৰাৰ লগতে মহিলা সমাজক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত দেওবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ এটা সজাতি দল দিছপুৰ থানাত উপস্থিত হৈ ঋতু বৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে(Golaghat District Kissan Morcha's co-convenor Ritu Bora) ।