অসম

assam

By

Published : Apr 1, 2019, 6:37 PM IST

Updated : Apr 1, 2019, 7:45 PM IST

ETV Bharat / city

ঢোলে-দগৰে অগণন সমৰ্থকক লগত লৈ শক্তি প্ৰদৰ্শন কৰিলে ববিতা শৰ্মা আৰু কুইন ওজাই

বৃহৎ সংখ্যক দলীয় সমৰ্থকক লগত লৈ শক্তি প্ৰদৰ্শনেৰে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল দুয়োগৰাকী প্ৰাৰ্থীৰ

ববিতা শৰ্মা আৰু কুইন ওজাৰ মনোনয়ন পত্ৰ দাখিল

গুৱাহাটী, 1 মাৰ্চ : অসমৰ অন্যতম লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ বাবে সোমবাৰে পৃথকে পৃথকে মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই ৷ বৃহৎ সংখ্যক দলীয় সমৰ্থকক লগত লৈ ঢোলে-দগৰে নাচি বাগি শক্তি প্ৰদৰ্শনেৰে মনোনয়ন পত্ৰ দাখিল কৰিলে দুয়োগৰাকীয়ে প্ৰাৰ্থীয়ে ৷ কামৰূপ জিলাাউপায়ুক্ত কমল কুমাৰ বৈশ্যৰহাতত মনোনয়ন পত্ৰ দাখিল কৰিলে দুয়োগৰাকী প্ৰাৰ্থীয়ে৷ দুয়োগৰাকী প্ৰাৰ্থীয়ে নিজ-নিজদলৰ হেভিৱেট নেতাসকলক লগত লৈদাখিল কৰিলেমনোনয়ন পত্ৰ ৷

সমুখ-সমৰত ববিতা শৰ্মা আৰু কুইন ওজা

প্ৰাক্তনমন্ত্ৰী অকণ বৰা, ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহেমেদ,বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসক লগত লৈ মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই ৷ মনোনয়ন দাখিল কৰিয়েই বিজেপিক সুবিধাবাদীদল আখ্যা দিয়াৰ লগতে প্ৰতিদ্বন্দ্বীপ্ৰাৰ্থীকুইন ওজাক শুভকামনাও জ্ঞাপন কৰেববিতা শৰ্মাই ৷

ববিতা শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল

ইপিনে বিজেপিৰ অসম প্ৰভাৰী ৰাম মাধৱ ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বিজয়া চক্ৰৱৰ্তীক লগত লৈ মনোনয়ন দাখিল কৰিলে বিজেপিৰপ্ৰাৰ্থী কুইন ওজাই ৷ উল্লেখ্য যে, অন্যতমসমষ্টিটোত এইবেলি সমুখ-সমৰত অৱতীৰ্ণ হ'ব দুইগৰাকী মহিলা প্ৰাৰ্থীয়ে ৷

কুইন ওজাৰ মনোনয়ন পত্ৰ দাখিল
Last Updated : Apr 1, 2019, 7:45 PM IST

ABOUT THE AUTHOR

...view details