অসম

assam

AIUDF ৰ সৈতে বৈঠক সন্দৰ্ভত জ্ঞাত নাছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

By

Published : Aug 23, 2020, 8:57 PM IST

শনিবাৰে তৰুণ গগৈৰ চৰকাৰী বাসগৃহত দুখন বৈঠক অনুষ্ঠিত হৈছিল । উজনিৰ কংগ্ৰেছ বিধায়ক সকলৰ লগত অনুষ্ঠিত হৈছিল প্ৰথমখন বৈঠক । য‘ত নিমন্ত্ৰণ জনোৱা হোৱা নাছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক ৷

Congress AIUDF Meeting at Ex Cm Tarun Gogoi House
Congress AIUDF Meeting at Ex Cm Tarun Gogoi House

গুৱাহাটী, 23 আগষ্ট:সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচন পূৰ্বে সৰ্বত্ৰে চৰ্চা কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁটৰ ৷ কিন্তু কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ বিষয়টোৱে লৈছে এক নতুন ৰূপ । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাসভৱনত শনিবাৰে একাংশ শীৰ্ষ কংগ্ৰেছ নেতাৰ সংগোপনে অনুষ্ঠিত হয় কংগ্ৰেছ আৰু এআইইউডিএফৰ এখন বৈঠক ।

এখন বৈঠকৰ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক

যিখন বৈঠকৰ বিষয়ে আনকি জনোৱা হোৱা নাছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক । যাৰ বাবে দেওবাৰে এই সন্দৰ্ভত মুখ খুলিলে বিৰোধী দলপতিগৰাকীয়ে ।

এই প্ৰসংগত দেৱব্ৰত শইকীয়াই কয় যে, শনিবাৰে তৰুণ গগৈৰ চৰকাৰী বাসগৃহত দুখনকৈ বৈঠক অনুষ্ঠিত হৈছিল । প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল উজনিৰ কংগ্ৰেছ বিধায়কসকলৰ লগত । অৱশ্যে সেই বৈঠকলৈ তেওঁক নিমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলি জনায় শইকীয়াই । লগতে বৈঠকখনত উজনিৰ তিনিগৰাকী বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী, দূৰ্গা ভূমিজ আৰু ৰ'জলিনা তিৰ্কি উপস্থিত নাছিল বুলি মন্তব্য কৰে ৷

AIUDF ৰ সৈতে বৈঠক সন্দৰ্ভত জ্ঞাত নাছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

আনহাতে, সন্ধিয়া দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছিল । সেইখন বৈঠকৰ বিষয়ে তেওঁক জনাইছিল সভাপতি ৰিপুণ বৰাই । কিন্তু বৈঠকত ভাগ ল’বলৈ গগৈৰ বাসগৃহলৈ গৈ তাত এআইইউডিএফৰো একাংশ বিধায়কক লগ পাই আচৰিত হোৱা বুলি উল্লেখ কৰে দেৱব্ৰত শইকীয়াই । যাৰ বাবে দেওবাৰে সমস্ত বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কিছু কথা সদৰী কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

লগতে চাওক-বাঘ আৰু সিংহৰ যুঁজত মাংস খাব শিয়ালেঃ বিধায়ক প্ৰশান্ত ফুকন

ABOUT THE AUTHOR

...view details