গুৱাহাটী, ১৫ মাৰ্চঃ সদ্যসমাপ্ত ৰাজ্যসভা নিৰ্বাচনে এটা কথা পৰিস্কাৰ কৰিলে যে, ২০২১ ৰ বিধানসভা নিৰ্বাচনত অসমত হাতে হাত ধৰি অৱতীৰ্ণ হ'ব কংগ্ৰেছ আৰু এ আই ইউ ডি এফ । ইয়াৰ বিপৰীতে বিভিন্ন জাতি আৰু জনগোষ্ঠীয় সংগঠনৰ সহায়ত একৈশৰ নিৰ্বাচনী ৰণত নামিব বিজেপি । কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল কংগ্ৰছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ ফলত ৰাজ্যৰ কমেও একুৰি সমষ্টিত প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হ'ব বিজেপি । কিয়নো ২০১৬ ৰ বিধানসভা নিৰ্বাচনত মোডী ঢৌৰ বাবেই হওক বা বিৰোধীৰ ভোট বিভাজনৰ বাবেই হওক একুৰিটা সমষ্টি বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হৈছিল ।
কংগ্ৰেছ, এ আই ইউ ডি এফৰ মিত্ৰতা 21ত বিজেপিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান - Assam upcoming election 2021
গুৰুত্বপূৰ্ণ বিষয়টো হ'ল কংগ্ৰছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ ফলত ৰাজ্যৰ কমেও একুৰি সমষ্টিত প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হ'ব বিজেপি । ২০১৬ ৰ নিৰ্বাচনত বিজেপিয়ে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল নগাঁও, বটদ্ৰবা, সৰভোগ, হাজো, মঙলদৈ, হোজাই, ছিপাঝাৰ, বৰক্ষেত্ৰী, মৰিগাঁও, লামডিং, বিলাসীপাৰা, কাটিগৰা, ঢলাই, ৰাতাবাৰী, পাথাৰকান্দি, বৰখলা, সোণাই আদিকে ধৰি প্ৰায় বিশটা সমষ্টি, যিকেইটা সমষ্টিত নিৰ্ণায়কৰ ভূমিকা পালন কৰি আহিছে সংখ্যালঘু ভোটাৰে ।
তাৰে ভিতৰত অন্যতম আছিল নগাঁও, বটদ্ৰবা, সৰভোগ, হাজো, মঙলদৈ, হোজাই, ছিপাঝাৰ, বৰক্ষেত্ৰী, মৰিগাঁও, লামডিং, বিলাসীপাৰা, কাটিগৰা, ঢলাই, ৰাতাবাৰী, পাথাৰকান্দি, বৰখলা, সোণাই আদি । এনেধৰনৰ প্ৰায় বিশটা সমষ্টি ২০১৬ ৰ নিৰ্বাচনত বিজেপিয়ে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল, যিকেইটা সমষ্টিত নিৰ্ণায়কৰ ভূমিকা পালন কৰি আহিছে সংখ্যালঘু ভোটাৰে ।
কিন্তু এইবাৰ পৰিবেশ পৰিস্থিতি সুকীয়া । কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ ফলত বিপদত পৰিব পাৰে এই সমষ্টি সমূহৰ বিজেপি বিধায়কসকল । তেওলোকৰ ভিতৰত অন্যতম হৈছে দলৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিৎ দাস, নগাৱঁৰ ৰূপক শৰ্মা, হোজাইৰ শিলাদিত্য দেৱ, বটদ্ৰবাৰ আঙুৰলতা ডেকা, হাজোৰ সুমন হৰিপ্ৰিয়া, বৰক্ষেত্ৰীৰ নাৰায়ন ডেকা, ছিপাঝাৰৰ বিনন্দ শইকীয়া, মঙলদৈৰ গুৰুজ্যোতি দাসকে ধৰি বিজেপিৰ বহুকেইগৰাকী ৰথী মহাৰথী ।