অসম

assam

ETV Bharat / city

মেয়ৰ আৰু উপ মেয়ৰৰ নাম ঘোষণাৰ পাছত দেখা দিছে অসন্তুষ্টি - গুৱাহাটী পৌৰ নিগমৰ উপ মেয়ৰ

পৌৰ নিগমৰ নিৰ্বাচনী ফলাফলৰ (GMC election 2022) পাছতে মিত্রদলৰ পাৰিষদসকলৰ মাজত মেয়ৰ আৰু উপ মেয়ৰ বাচনিকলৈ অসন্তুষ্টি ৷ উপ মেয়ৰ পদটো বিচাৰিছিল অগপই। অসন্তুষ্টি ব্যক্ত কৰিলে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মিলিজুলি কৰিলে ভাল লাগিলহেঁতেন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ।

conflict-arose-after-the-announcement-of-names-of-mayor-and-deputy-mayor
মেয়ৰ আৰু উপ মেয়ৰৰ নাম ঘোষণাৰ পাছত দেখা দিছে অসন্তুষ্টি

By

Published : May 3, 2022, 8:47 PM IST

গুৱাহাটী, ৩ মে' : গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু উপ মেয়ৰৰ নাম ঘোষণাৰ লগে লগে বিজেপি দলৰ লগতে মিত্রদল অগপত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চাৰিবছৰ পলমকৈ অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৮ টা ৱাৰ্ডতেই বিজেপি-অগপ মিত্ৰজোঁটে জয়ী হৈছিল । একোখনকৈ আসন পাইছিল অসম জাতীয় পৰিষদ আৰু আম আদমি পাৰ্টীয়ে । পৌৰ নিগমৰ নিৰ্বাচনী ফলাফলৰ পাছতে মিত্রদলৰ পাৰিষদসকলৰ মাজত মেয়ৰ আৰু উপ মেয়ৰ বাচনিকলৈ উৎকণ্ঠা আছিল (Mayor and deputy mayor of Guwahati)।

দাবীদাৰ আছিল বহুকেইজন । অৱশেষত আজি মৃগেন শৰণীয়াক মেয়ৰ আৰু স্মিতা ৰয়ক উপ মেয়ৰ হিচাপে বাচনি কৰা হয় । মেয়ৰ আৰু উপ মেয়ৰৰ নাম ঘোষণাৰ লগে লগে বিজেপিত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে । মেয়ৰৰ দাবীদাৰ বিজেপিৰ শশাংকজ্যোতি ডেকাই দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে । দলীয় নেতৃত্বৰ সিদ্ধান্তত ক্ষুব্ধ হৈ দলটোৰ আগশাৰীৰ যুৱ নেতা তথা একেৰাহে দুবাৰকৈ কাউঞ্চিলৰ হিচাপে নিৰ্বাচিত হোৱা শশাংকজ্যোতি ডেকাই বিজেপি ত্যাগ কৰে ।

ইফালে মিত্রদল অগপতো এই ঘোষণাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ছটা ৱাৰ্ডত জয়ী হোৱা অগপই বিচাৰিছিল উপ মেয়ৰৰ পদটো । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, গুৱাহাটী পৌৰ নিগমৰ উপ মেয়ৰ আমাক দিলে আমি ভাল পালোঁহেঁতেন । যিহেতু বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে সেইবাবে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । আমি বৰ্তমান দলটোক শক্তিশালী কৰিব লাগে । তথাপি মিলিজুলি কৰিলে ভাল লাগিলহেঁতেন বুলি তেওঁ আক্ষেপ কৰে ।

মুঠতে মেয়ৰ আৰু উপ মেয়ৰক কেন্দ্ৰ কৰি বিজেপিৰ একাংশ পাৰিষদ অসন্তুষ্ট যদিও মুখ খুলি একো ক'বলৈ সাহস কৰা নাই । আনহাতে, অসন্তুষ্ট মিত্রদল অগপ । উল্লেখ যে, পৌৰ নিগমৰ তিনিটা ৱাৰ্ডত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল । ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫২ টা ৱাৰ্ডত বিজেপি আৰু ৬ টা ৱাৰ্ডত মিত্রদল অগপ জয়ী হৈছিল । এটাত বিজেপি আৰু এটাত অগপ পৰাজিত হৈছিল আৰু সেই দুটা ৱাৰ্ড লাভ কৰিছিল এজেপি আৰু আপে । পৌৰ নিগমত শূণ্য কংগ্ৰেছ ।
লগতে পঢ়ক :Hanuman Chalisa in Braille script: দৃষ্টিহীন দিব্যাংগৰ বাবে প্ৰস্তুত হনুমান চালিছা

ABOUT THE AUTHOR

...view details