গুৱাহাটী, 11 নৱেম্বৰঃগুৱাহাটীৰ পৰা আৰক্ষীয়ে পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধ কয়লাভৰ্তি ট্ৰাক ৷ বিগত কেইদিনত ৰাজ্যত ভয়াৱহ ৰূপ লোৱা অবৈধ কয়লা ব্যৱসায়ক ৰোধ কৰিবলৈ আৰক্ষীয়ে হাতত লৈছে বিশেষ ব্যৱস্থা ৷ ৰাজ্যখনত ইটোৰ পিচত সিটো অবৈধ কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে যোৰাবাট আৰক্ষীয়ে পুনৰ জব্দ কৰে এখন অবৈধ কয়লাভৰ্তি ট্ৰাক ৷
গুৱাহাটীত পুনৰ জব্দ কয়লাভৰ্তি ট্ৰাক - যোৰাবাট আৰক্ষী কয়লা ট্ৰাক নিউজ
গুৱাহাটীত পুনৰ জব্দ অবৈধ কয়লাভৰ্তি ট্ৰাক ৷ যোৰাবাট আৰক্ষীয়ে দৈনন্দিন তালাচীৰ সময়তে এখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷
গুৱাহাটীত পুনৰ জব্দ কয়লাভৰ্তি ট্ৰাক
লগতে পঢ়কঃ মহানগৰীত পুনৰ জব্দ কয়লা ভৰ্তি ট্ৰাক
যোৰাবাট আৰক্ষীয়ে দৈনন্দিন তালাচীৰ সময়তে আৰক্ষী চকীৰ সন্মুখতে জব্দ কৰে ট্ৰাকখন ৷ জব্দীকৃত ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS 01 LC 8132 বুলি জানিব পৰা গৈছে ৷ মেঘালয়ৰ লাটুমবাইৰ পৰা গুৱাহাটীৰ বেলতলা অভিমুখে গৈ থকা ট্ৰাকখনে কোনো বৈধ নথি-পত্ৰ অবিহনে 34টন কয়লা কঢ়িয়াই আনিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ লগতে ট্ৰাকখনৰ চালক চুৰামণি সোনাৰক সোধ-পোচৰ বাবে আটক কৰিছে ৷