অসম

assam

ETV Bharat / city

আৱদ্ধ হৈ থকা অসমৰ লোকে যাতে কষ্ট নাপায়ঃ পাঁচ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান সোণোৱালৰ - পাঁচ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান সোণোৱালৰ

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে পাঁচখনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপত মিলিত হয় । ৰাজ্যকেইখনত আৱদ্ধ হৈ থকা অসমীয়াসকলে যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে সংশ্লিষ্ট ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলক আহ্বান জনায় সৰ্বানন্দ সোণোৱালে ।

পাঁচ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান সোণোৱালৰ
পাঁচ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান সোণোৱালৰ

By

Published : Apr 18, 2020, 5:17 PM IST

গুৱাহাটী, ১৮ এপ্ৰিলঃবহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলে যাতে কেনো ধৰণৰ অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ইতিমধ্যে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে লকডাউনৰ বাবে বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলৰ বাবে এটা হেল্পলাইন নম্বৰো চৰকাৰে মুকলি কৰিছে ।

আনহাতে, শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাঁচখন ৰাজ্য ক্ৰমে গুজৰাট, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে টেলিফোনযোগে এক বাৰ্তালাপত মিলিত হয় আৰু তেওঁলোকক আহ্বান জনাই যাতে সেই ৰাজ্য সমূহত আৱদ্ধ হৈ থকা অসমৰ লোকসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি যেন দৃষ্টি ৰাখে ।

অনুৰূপভাবে আটাইকেেইগৰাকী মুখ্যমন্ত্ৰীক সোণোৱালে এই আশ্বাসো প্ৰদান কৰে যে অসমত থকা সেইখন ৰাজ্যৰ লোকসকলেও যাতে কোনো কষ্ট নাপাই তাৰ প্ৰতি অহৰ্নিশে চকু ৰাখিব অসম চৰকাৰে ।

লগতে পঢ়কঃলক ডাউনঃ কেবাগৰাকী বিশিষ্ট ব্যক্তি সৈতে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details