অসম

assam

ETV Bharat / city

দ্বাদশ ৰাজ্যিক স্বাস্থ্য অভিযানৰ বৈঠকত মুখ্যমন্ত্রী - Departments of Health and Family Welfare

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ২০১৯ত অনুষ্ঠিত হোৱা একাদশ ৰাজ্যিক স্বাস্থ্য অভিযান(Common Review Mission)ৰ কামকাজৰ খতিয়ান লয় । কৰিমগঞ্জ, কাৰ্বি আংলং আদি জিলাত ক’ভিড টিকাকৰণৰ বাকী ৰোৱা লক্ষ্য পূৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ । ৩০০০ আই চি ইউৰ বাবে সঠিক মানৱ সম্পদ আৰু সমল পৰিকল্পনা কৰাৰ লগতে আয়ুষ্মান ভাৰত সুস্থতা কেন্দ্ৰসমূহৰ সৱলীকৰণত গুৰুত্ব । সমাজ কল্যাণ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাজত সঠিক সমন্বয় স্থাপনত গুৰুত্ব মুখ্যমন্ত্ৰীৰ ।

CM at the 12th State Health Mission meeting
দ্বাদশ ৰাজ্যিক স্বাস্থ্য অভিযানৰ বৈঠকত মুখ্যমন্ত্রী

By

Published : Dec 11, 2021, 5:08 PM IST

গুৱাহাটী, 11 ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত শনিবাৰে জনতা ভৱনত দ্বাদশ ৰাজ্যিক স্বাস্থ্য অভিযানৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয়(Review meeting of state health mission) । বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ২০১৯ত অনুষ্ঠিত হোৱা একাদশ ৰাজ্যিক স্বাস্থ্য অভিযান(Common Review Mission)ৰ কামকাজৰ খতিয়ান লোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে । বৈঠকত ৰাজ্যিক স্বাস্থ্য অভিযানৰ মূল্যাংকন আৰু অনুমোদনৰ বাবে একাদশ আৰু দ্বাদশ ৰাজ্যিক স্বাস্থ্য অভিযানৰ বৈঠকৰ মাজত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ তথা কাৰ্যকলাপৰ ওপৰত আলোচনা কৰা হয় ।

দ্বাদশ ৰাজ্যিক স্বাস্থ্য অভিযানৰ বৈঠকত মুখ্যমন্ত্রী

সেইদৰে ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগে(Departments of Health and Family Welfare) অনুমোদন জনোৱা কামৰ অগ্ৰগতিৰ ওপৰত আলোচনা কৰা হয় । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৰাজ্যিক স্বাস্থ্য অভিযানক অনুমোদন জনোৱা বিত্তীয় স্থিতিৰ লগতে বৰ্তমান সময়ৰ ক'ভিড পৰিস্থিতি আৰু ক'ভিড টিকাকৰণ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ বৈঠকত লোৱা পদক্ষেপৰ স্থিতি পৰ্যৱেক্ষণ কৰাৰ লগতে অনাগত দিনবোৰত মিছনৰ ভৱিষ্যৎ কার্যপন্থা নির্ধাৰণত কেতবোৰ নিৰ্দেশনা প্ৰদান কৰে ।

দ্বাদশ ৰাজ্যিক স্বাস্থ্য অভিযানৰ বৈঠকত মুখ্যমন্ত্রী

তেওঁ সমাজ কল্যাণ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাজত সঠিক সমন্বয় স্থাপনত গুৰুত্ব আৰোপ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰত্যাশী জিলা আৰু আই এম আৰ হাৰ অতি উচ্চ অঞ্চলত মিছন মোডেৰে এছ এন চি ইউ আৰু পুষ্টিগত পুনৰ্বাস কেন্দ্ৰৰ (Nutritional Rehab Centres) সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । কৰিমগঞ্জ, কাৰ্বি আংলং আদি জিলাত ক’ভিড টিকাকৰণৰ বাকী ৰোৱা লক্ষ্য পূৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক কেতবোৰ পৰামর্শ আগবঢ়ায় ।

মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত উপলব্ধ প্ৰায় ৩০০০ আই চি ইউৰ বাবে সঠিক মানৱ সম্পদ আৰু সমল পৰিকল্পনা কৰাৰ লগতে আয়ুষ্মান ভাৰত সুস্থতা কেন্দ্ৰসমূহৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰে । তেওঁ লগতে চাহ বাগিচাৰ গর্ভৱতী মহিলাৰ বাবে একক ন’ডেল এজেঞ্চি নিয়োজিত কৰি মজুৰী ক্ষতিপূৰণ আঁচনি সুশৃংখলিত কৰা আদি দিশতো বিশেষভাৱে পৰামর্শ আগবঢ়ায় । বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, ৰণজিৎ কুমাৰ দাস আৰু ইউ জি ব্ৰক্ষ্মৰ লগতে সংশ্লিষ্ট বিভাগৰ বিভাগীয় বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক :পৌৰ নিগমৰ চুপাৰ শ্বাকাৰ মেচিন উদ্ধোধন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details