নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ :ৰাজ্যসভাৰ প্ৰক্তন সাংসদ তথা সুদক্ষ খেলুৱৈ নাজনিন ফাৰুকৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আজি এক শোক বাৰ্তাৰ জৰিয়তে সোণোৱালে কয় যে,জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্ৰয়াত ফাৰুকে ৰাজ্যখনৰ সমাজ জীৱনলৈ যি বৰঙণি আগবঢ়াই গ'ল সেয়া সমগ্ৰ ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,ৰাজ্যসভাৰ এগৰাকী সাংসদ হিচাপে ফাৰুকে যথেষ্ট সেৱা আগবঢ়োৱাৰ উপৰি এগৰাকী সুদক্ষ খেলুৱৈ হিচাপেও আমাৰ ক্ৰীড়া জগতলৈ বৰঙণি আগবঢ়াই গৈছে ৷ তদুপৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থাকি সেই অনুষ্ঠানসমূহৰ উত্তৰণৰ দিশতো তেখেতে অৰিহণা আগবঢ়াই গৈছে ৷ এইগৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷