গুৱাহাটী, 1 ছেপ্তেম্বৰ :জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ লগত মঙলবাৰে আলোচনাত মিলিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্যৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সুকীয়া সুকীয়াকৈ মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হ’ল জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহ ৷ মঙলবাৰে প্ৰায় পাঁচটাকৈ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উত্থাপন কৰিলে তেওঁলোকৰ দাবীসমূহ ৷ সেইসকলৰ ভিতৰত আছিল চুতীয়া ছাত্ৰ সংগঠন, নিখিল বড়ো ছাত্ৰ সংগঠন, নাথ যোগী ছাত্ৰ সংগঠন, সুত্ৰধৰ ছাত্ৰ সংগঠন আদিৰ প্ৰতিনিধি সকল ৷
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি নাথ যোগী ছাত্ৰ সন্থাই মূলতঃ জনজাতিৰ মৰ্যাদা দাবী উত্থাপন কৰিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ লগতে আগন্তক নিৰ্বাচন 6 টা সমষ্টিত নাথ-যোগীৰ বাবে আসন সংৰক্ষণৰ দাবীও উত্থাপন কৰে । সমান্তৰালভাৱে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাই 13 টা দাবী লৈ বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৷ মূলতঃ খিলঞ্জীয়া জনগোষ্ঠীটোৰ সুকীয়াকৈ ৰাজনৈতিকভাৱে শক্তিশালী হোৱাৰ পৰিৱেশ সৃষ্টি কৰাৰ অনুৰোধ সংগঠনটোৰ প্ৰতিনিধিসকলৰ ৷
ইয়াৰ লগতে সূত্ৰধৰ লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ প্ৰসঙ্গও উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীক ৷ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি আছে খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰিবলৈ অনুৰোধ সংগঠনটোৰ প্ৰতিনিধিবৰ্গৰ ৷