অসম

assam

ETV Bharat / city

বহিঃৰাজ্যত আৱদ্ধ লোক সকলক ঘূৰাই অনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক - মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোক সকলক ৰাজ্যলৈ পুনৰ ঘূৰাই আনিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক । কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পাচতেই শুকুৰবাৰে ৰাজ্য চৰকাৰৰ বিশেষ তৎপৰতা ।

CM Sarbananda Sonowal organized a meeting after central decision to return stuck people to own state
CM Sarbananda Sonowal organized a meeting after central decision to return stuck people to own state

By

Published : May 2, 2020, 9:16 AM IST

গুৱাহাটী, ২ মে' : কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা লোক সকলক নিজা নিজা ৰাজ্যলৈ ঘূৰাই পঠিয়াবলৈ সিদ্ধান্ত লোৱাৰ পাছতেই শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আদিকে ধৰি বহু উচ্চ বিষয়ববীয়া । এই বৈঠকত কি প্ৰক্ৰিয়াৰে আৱদ্ধ হৈ থকা লোক সকলক অসমলৈ ঘূৰাই আনিব পৰা যায় সেই সম্পৰ্কে নীতি নিৰ্ধাৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক

উল্লেখ্য যে, এই সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙক নডেল অফিচাৰ হিচাপে লৈ এখন ছয়জনীয়া সমিতিও গঠন কৰি দিছে ।

দেশত চলি থকা লক্ ডাউনৰ ফলতেই বহু লোক বিভিন্ন ঠাইত আৱদ্ধ হ'বলগীয়া হৈছিল । বৰ্তমান দেশত দ্বিতীয় পৰ্যায়ৰ লক্ ডাউনৰ সময় সীমাও বৃদ্ধি কৰা হৈছে । কৰ'ণা ভাইৰাছৰ ভয়াৱহতা তথা সংক্ৰমণ ৰোধ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ।

ABOUT THE AUTHOR

...view details