অসম

assam

মহানগৰীৰ পৰিবহণত নতুন সংযোজন ইলেকট্ৰিক বাছ

By

Published : Nov 4, 2019, 11:59 PM IST

15 খন ইলেকট্ৰিক বাছৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে গুৱাহাটীৰ সৰ্প্ৰবথম ইলেকট্ৰিক বাছ সেৱা ৷

মহানগৰীৰ পৰিবহণত নতুন সংযোজন : ইলেকট্ৰিক বাছ

গুৱাহাটী, 4 নৱেম্বৰ: গুৱাহাটীৰ পৰিবহণত নতুনকৈ সংযোজিত হ'ল ইলেকট্ৰিক বাছ সেৱা ৷ সোমবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত মহানগৰবাসীৰ বাবে প্ৰথম 15খন ইলেকট্ৰিক বাছৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই ইলেকট্ৰিক বাছ সেৱাই ৰাজ্যত কিছু পৰিমাণে হ'লেও প্ৰদূষণ ৰোধ কৰিব পাৰিব সেয়েহে ৰাজ্যবাসীৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম অৱস্থাত এই 15 খন বাছৰ সেৱা আৰম্ভ কৰা হৈছে ৷

15 খন ইলেকট্ৰিক বাছৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে গুৱাহাটীৰ সৰ্প্ৰবথম ইলেকট্ৰিক বাছ সেৱা

ইফালে, অনাগত দিনত অসমৰ প্ৰতিখন জিলাত ইলেকট্ৰিক বাছসেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত অসমক এখন প্ৰদূষণ মুক্ত ৰাজ্য গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ৷ উদ্বোধনী অনুষ্ঠানটোত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

আৰু পঢ়ক:নগাঁও আৰক্ষীৰ জালত পিষ্টলসহ ব্য়ৱসায়ী

ABOUT THE AUTHOR

...view details